Words That Inspire, Stories That Transform
নিৰৱ প্ৰতিশোধক শিখণ্ডী// যি বিবাহ কেতিয়াওঁ হ'ব নালাগিছিল//অধ্যায় ১৩
সেইদিনা ৰাতি তেওঁ শিখণ্ডীক গোপনে মাতি পঠিয়ালে। যুদ্ধৰ অনুশীলনৰ ক্লান্তি লগত লৈ ক’লা প্ৰশিক্ষণৰ বস্ত্ৰ পৰিধান কৰি যুৱ যুঁজাৰুজনে প্ৰৱেশ কৰিলে। দ্ৰুপদে কেইবা মুহূৰ্তলৈকে নীৰৱে সন্তানলৈ চাই ৰ’ল। আৰু শেষত ক'লে- “এটা বিয়াৰ প্ৰস্তাৱ আহিছে।” শিখণ্ডী থমকি ৰ’ল।
উপন্যাসSPIRITUALITYশিখণ্ডী
সাগৰ সংগম দিহিঙীয়া
8/21/20261 min read


আৰ্য্যাৱৰ্ত্তত বিয়পি পৰা কথাবোৰে শাম কটা নাছিল। সেইবোৰ বাঢ়িহে গৈছিল, দাবানলৰ আগৰ ধোৱাৰ দৰে। ৰাজপ্ৰসাদৰ পৰা আৰম্ভ কৰি বেপাৰীৰ পথলৈকে সকলোতে শিখণ্ডীৰ নামটোকলৈ বিভিন্ন ধৰণৰ কথা বিয়পি পৰিছিল...। কোনোবাই যদি কৈছিন অভিশপ্ত ৰাজকুমাৰ। আন কোনোবাই কৈছিল পাঞ্চালৰ অপ্ৰাকৃতিক সন্তান।
আনহাতে, কিছুমানে অম্বা আৰু ভীষ্মৰ পুৰণি ভৱিষ্যতবাণীৰ কথা গোপনে আলোচনা কৰিছিল।
আৰু মাহ বাগৰাৰ লগে লগে ৰাজকুমাৰ দ্ৰুপদ অধিক সংকুচিত হৈ পৰিছিল। কিয়নো এটা সত্যই তেওঁক নিৰন্তৰ আমনি কৰি আছিল...।
ৰাজ্যখনে শত্ৰুৰ আক্ৰমণ সহিব পাৰে।
যুদ্ধ সহিব পাৰে।
কিন্তু ৰাজহুৱা লাঞ্ছনা সহ্য কৰিব নোৱাৰে।
আৰু এদিন সন্ধিয়া পাঞ্চালৰ মহাভৱনৰ প্ৰখৰ শিখাৰ পোহৰত ৰাজসভা বহিছিল। গভীৰ চিন্তাৰে সিংহাসনত বহি থকা দ্ৰুপদৰ সন্মুখত মন্ত্ৰীসকল থিয় হৈ আছিল।
অৱশেষত জ্যেষ্ঠ মন্ত্ৰীজনে সাৱধানেৰে ক'লে- “মহাৰাজ... আলোচনাবোৰ বন্ধ কৰাৰ এতিয়াও এটা উপায় আছে।”
দ্ৰুপদে লাহেকৈ চকু তুলি তেওঁৰফালে চাই ক’লে- “কি?”
“বিবাহ।”
এই শব্দটোৱে সভাত গধুৰ প্ৰভাৱ পেলালে।
আন এজন মন্ত্ৰীয়ে ততাতৈয়াকৈ আগবাঢ়ি আহি মাত দিলে- “যদি ৰাজকুমাৰ শিখণ্ডীৰ সফল বিবাহ সম্পন্ন হয়, তেন্তে এই আলোচনাবোৰ লগে লগে বন্ধ হৈ যাব।”
আন কেইবাজনেও সন্মতিসূচক মূৰ দুপিয়ালে।
“জগতৰ চকুত,” এজন পৰামৰ্শদাতাই যোগ কৰিলে, “বিবাহতকৈ ডাঙৰ পুৰুষত্বৰ প্ৰমাণ আন একো হ'ব নোৱাৰে।”
দ্ৰুপদৰ মুখাৱয়ব এন্ধাৰ হৈ পৰিল। কিয়নো তেওঁ বিপদৰ কথা লগে লগে বুজি পালে।
বিবাহ মানেই সত্যৰ উন্মোচন।
সঁচা কথা সদায় ৰাজপ্ৰসাদৰ মাজত লুকুৱাই ৰাখিব নোৱাৰিব। তথাপিও যদি তেওঁ বিয়াৰ প্ৰস্তাৱ নাকচ কৰে তেন্তে সন্দেহ আৰু বেছিকৈ বাঢ়ি যাব...।
ৰজাই খন্তেকৰ বাবে চকু দুটা মুদি দিলে।– “কি কৰো এতিয়া...? ভাগ্যই দেখোন চাৰিওফালৰ পৰাই ফান্দ পাতিছে...।”
--------------------------------------------------------------------
কেইদিনমানৰ পিছত ৰাজ্যবোৰৰ মাজত গোপনে দূত অহা-যোৱা কৰিলে। আৰু শেষত শক্তিশালী দশাণ ৰাজ্যৰ পৰা এটা মিত্ৰতাৰ প্ৰস্তাৱ আহিল। তাৰে শাসক, মহাৰাজ হিৰণ্যবৰ্মাই নিজ কন্যাৰ হাত শিখণ্ডীৰ হাতত সমৰ্পণ কৰাৰ প্ৰস্তাৱ আগবঢ়ালে। ৰাজসভাত লগে লগে আনন্দৰ জোৱাৰ উঠিল।
কিন্তু দ্ৰুপদৰ অন্তৰত, ভয়ে আৰু গভীৰ ৰূপ ল'লে।
সেইদিনা ৰাতি তেওঁ শিখণ্ডীক গোপনে মাতি পঠিয়ালে। যুদ্ধৰ অনুশীলনৰ ক্লান্তি লগত লৈ ক’লা প্ৰশিক্ষণৰ বস্ত্ৰ পৰিধান কৰি যুৱ যুঁজাৰুজনে প্ৰৱেশ কৰিলে।
দ্ৰুপদে কেইবা মুহূৰ্তলৈকে নীৰৱে সন্তানলৈ চাই ৰ’ল। আৰু শেষত ক'লে- “এটা বিয়াৰ প্ৰস্তাৱ আহিছে।”
শিখণ্ডী থমকি ৰ’ল।
ইয়াৰ অৰ্থ লগে লগে স্পষ্ট হৈ পৰিল। লাহে লাহে যুঁজাৰুজনৰ চকু ক’লা হৈ পৰিল।
“নহয়। এইয়া সম্ভৱ নহয়...।”- শিখণ্ডীয়ে নাকচ কৰি ক’লে।
দ্ৰুপদে দীঘলকৈ উশাহ লৈ পুনৰ ক’লে- “তুমি আমাৰ ৰাজনৈতিক বিপদ বুজি পোৱা নাই।”
“মই সম্পূৰ্ণৰূপে বুজি পাইছো।”- কথাষাৰ কৈ শিখণ্ডী কাষলৈ আগবাঢ়ি আহিল। “যদি এই বিবাহ সম্পন্ন হয়, তেন্তে সত্য এদিন পোহৰলৈ আহিবই।”
ৰজাই কিছু কঠিন মাতেৰে ক’লে- “আৰু যদি আমি নাকচ কৰোঁ, তেন্তে প্ৰতিখন ৰাজ্যই ধৰি ল’ব যে আলোচনাবোৰ সঁচা হয়।”
কোঠালীটোত নীৰৱতা বিয়পি পৰিল।
শিখণ্ডীয়ে লাহেকৈ ঘূৰি চালে।
বহু বছৰ ধৰি যি সকলে জগতখনত এই আত্মাটোক বিভিন্ন পৰিচয় দিবলৈ বাধ্য কৰিছিল।
ৰাজকুমাৰী।
ৰাজকুমাৰ।
অস্ত্ৰ।
ভৱিষ্যতবাণী।
এতিয়া তেওঁলৈ আন এটা পৰিচয়ে অপেক্ষা কৰি আছিল।
স্বামী।
ভাবিলেই অসহ্য অনুভৱ হৈছিল। দ্ৰুপদ সাৱধানেৰে কাষলৈ আগবাঢ়ি আহিল।
“মই কেতিয়াও তোমাৰ ওপৰত এই বোজা জাপি দিব বিচৰা নাছিলো।”
শিখণ্ডীয়ে মৃদু হাঁহি মাৰিলে। তিক্তভাৱে ক’লে- “কিন্তু আপুনি তথাপিও এই প্ৰস্তাৱ মানি ল'লে?”
ৰজাজন কঁপি উঠিল। কিয়নো সেই কথাবোৰত সত্যতা আছিল।
তেওঁলোকৰ মাজৰ নীৰৱতা বেদনাদায়ক হৈ পৰিল। অৱশেষত দ্ৰুপদে ক’লে- “এই বিবাহে হয়তো পাঞ্চালক ৰক্ষা কৰিব পাৰিব।”
শিখণ্ডীৰ মুখাৱয়ব শীতল হৈ পৰিল।
“আৰু যদি এই বিবাহে মোক ধ্বংস কৰে, তেতিয়া?”
ৰজাৰ ওচৰত কোনো উত্তৰ নাছিল।
--------------------------------------
কিছুদিনৰ পিছত বিবাহৰ উৎসৱ আৰম্ভ হ’ল। ৰাজ্যখনে সংগীত, ফুল, পবিত্ৰ মন্ত্ৰ আৰু ৰাজকীয় পতাকাৰে উপচি পৰিল। কিন্তু সেই আনন্দৰ আঁৰত সতৰ্কতা আৰু ভয় জীয়াই আছিল। চাকৰবোৰ প্ৰসাদৰ কোঠাবোৰত আতংকিত হৈ ঘূৰি ফুৰিছিল। পুৰোহিতসকলে ইজনে-সিজনৰ লগত গোপনে কথা পাতিছিল। আৰু ৰাজপৰিয়ালৰ প্ৰতিজন সদস্যই এটা কথাতেই ভয় কৰি আছিল।
সত্যতা।
ইফালে, শিখণ্ডীয়ে এটা দুস্বপ্নৰ মাজত আৱদ্ধ হৈ পৰাৰ অনুভৱ কৰিলে। যেতিয়া গাৰ কাপোৰ পিন্ধোৱা হৈছিল, যেতিয়া আশীৰ্বাদ দিয়া হৈছিল, যেতিয়া সম্ভ্ৰান্ত লোকসকলে “ভৱিষ্যতৰ ৰজা”ৰ প্ৰশংসা কৰিছিল, তেতিয়া অম্বাৰ স্মৃতিবোৰ আগতকৈ অধিক জোৰকৈ ঘূৰি আহিছিল।
সমাজৰ প্ৰত্যাশাত ধ্বংস হোৱা আন এটা জীৱন। কৰ্তব্যৰ আঁতৰ পোত খাই ৰোৱা আন এটা পৰিচয়।
শিখণ্ডী...।
-------------------------------------------------------------------------
বিয়াৰ দিনা সৈন্য আৰু সংগীতশিল্পীৰ উলহ-মালহৰ মাজত দশাণৰ ৰাজকুমাৰী আহি উপস্থিত হ’ল।
তেওঁ আছিল শালীন। বুদ্ধিয়ক। মৃদু দৃষ্টিসম্পন্ন। আৰু সত্যটোৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞ।
শিখণ্ডীয়ে তেওঁক দেখাৰ লগে লগে গভীৰভাৱে অপৰাধবোধে বিন্ধিলে। কিয়নো ৰাজনীতিৰ খেলা ৰাজ্যবোৰৰ দৰে নহয়। তেওঁ আছিল নিৰ্দোষ।
পবিত্ৰ অগ্নিৰ তলত বিয়াৰ নীতি-নিয়ম আৰম্ভ হ’ল। পুৰোহিতসকলে মন্ত্ৰ উচ্চাৰণ কৰিলে। শিখণ্ডী গোটেই সময়ছোৱাত একেবাৰে লৰচৰ নকৰাকৈ বহি ৰ’ল। যেন বিবাহৰ পৰিৱৰ্তে ফাঁচী কাঠলৈ লৈ যাব লোৱা এজন যোদ্ধা হে।
অৱশেষত অন্তিম নীতি-নিয়ম সম্পূৰ্ণ হ’ল। পাঞ্চালৰ ৰাজকুমাৰ আৰু দশাৰ্ণৰ ৰাজকুমাৰীক স্বামী-স্ত্রী বুলি ঘোষণা কৰা হ’ল। ৰাজসভা আনন্দত মুখৰিত হৈ পৰিল।
কিন্তু শিখণ্ডীৰ অন্তৰত... কিবা এটা বেছিকৈ ভাগি পৰিল।
সেইদিনা ৰাতি অন্তহীন অনুষ্ঠান আৰু ভোজৰ অন্তত সদ্য বিবাহিত দম্পতীৰ বাবে প্ৰস্তুত কৰা ৰাজকীয় কক্ষটো ম্লান সোণালী চাকিৰ তলত নীৰৱ হৈ পৰিল। বাহিৰত তেতিয়াও উৎসৱৰ মৃদু শব্দ প্ৰতিধ্বনিত হৈছিল। আৰু ভিতৰত......! কেৱল আতংক বাকী ৰ’ল।
শিখণ্ডী বেলকনিৰ কাষত থিয় হৈ সঠিকভাৱে উশাহ ল’ব নোৱাৰিলে। ৰাজকুমাৰীয়ে পিছফালে শান্তভাৱে প্ৰৱেশ কৰিলে। কেইবা মুহূৰ্তলৈকে কোনেও একো নক’লে। তাৰ পিছত মৃদুভাৱে হাঁহি মাৰি ৰাজকুমাৰীয়ে ক’লে- “আপোনাক ভয় খোৱা যেন লাগিছে।”
কথাষাৰে শিখণ্ডীক গভীৰভাৱে আঘাত কৰিলে। শিখণ্ডীয়ে লাহেকৈ মুখ ঘূৰই ক’লে- “মোৰ আপোনাক কিবা এটা ক’ব লগা আছিল।”
“কি কথা?”
যুঁজাৰুজনৰ হাত দুখন কঁপি উঠিল। বছৰ বছৰ ধৰি যি অসত্যই জীৱনৰ প্ৰতিটো মুহূৰ্ত শাসন কৰি আহিছিল, তাত এতিয়া আন এগৰাকী নিৰ্দোষী ব্যক্তিও আৱদ্ধ হৈ পৰিল। কিন্তু শিখণ্ডীয়ে সেইয়া সহ্য কৰিব নোৱাৰিলে।
“এই ৰাজ্যখনে যি বিশ্বাস কৰে, মই সেয়া নহয়।”
নীৰৱতা।
ৰাজকুমাৰীয়ে বিভ্ৰান্ত হৈ চাই ৰ’ল। ৰাজকুমাৰীয়ে যেন কথাবোৰ একো ভালদৰে বুজিব পৰা নাছিল...। কিছু সময়ৰ পাছত ৰাজকুমাৰীয়ে যেন সকলোবোৰ বুজিবলৈ ধৰিছে...। তেওঁৰ মনত এক ভয়ে গ্ৰাস কৰি তুলিলে...।
“নহয়…”
শিখণ্ডীয়ে যান্ত্ৰণাৰে চকু দুটা মুদি ক’লে- “মই কেতিয়াও এই বিয়া বিচৰা নাছিলো।”
ৰাজকুমাৰীয়ে কঁপি কঁপি পিছুৱাই গ’ল- “আপুনি মোৰ পৰিয়ালক প্ৰৱঞ্চনা কৰিলে।”
“নহয়,” ভঙা সুৰেৰে ক’লে। “ৰাজ্যখনেহে আপোনাক প্ৰৱঞ্চনা কৰিলে।”
কক্ষটো ভয়েৰে ভৰি পৰিল। ৰাজকুমাৰীয়ে শিখণ্ডীলৈ ঘৃণাতকৈ বেছি আচৰিত হৈ চালে। যেন বাস্তৱ হঠাতে ভাঙি টুকুৰা-টুকুৰ হৈ গৈছে।
“আপুনি হৈছে…”- তেওঁ বাক্যাংশটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিয়নো তেওঁৰ সন্মুখত থিয় হৈ থকা জনৰ বাবে কোনো শব্দ নাছিল।
ৰাজকুমাৰ নহয়।
ৰাজকুমাৰী নহয়।
তাতোকৈও বহুত বেছি জটিল কিবা এটা। শিখণ্ডীৰ কণ্ঠ খালী হৈ পৰিল- “আপুনি যোৱা উচিত।”
ৰাজকুমাৰীয়ে আৰু কেইবা মুহূৰ্তলৈকে চাই ৰ’ল।
তাৰ পিছত এটাও শব্দ উচ্চাৰণ নকৰাকৈ তেওঁ কক্ষটোৰ পৰা লৰ মাৰিলে।
ইয়াৰ পিছত শিখণ্ডী নিৰ্বাক হৈ থিয় হৈ ৰ’ল। অকলে।
কথাবোৰ দ্ৰুতগতিত বিস্ফোৰিত হ’ল।
প্ৰশ্ন।
ভয়।
সন্দেহ।
আৰু পুৱতি নিশা হোৱাৰ আগতেই পাঞ্চালৰ মহান ৰহস্যৰ প্ৰথম ফাটটো মেলি যাবলৈ ধৰিলে। ৰাজ্যখনৰ ওপৰত ধুমুহাৰ মেঘ জমা হোৱালৈ চাই শিখণ্ডী এন্ধাৰত থিয় হৈ ৰ’ল। আত্মাৰ ভিতৰত পুৰণি স্মৃতিবোৰ আকৌ তীব্ৰভাৱে জ্বলি উঠিল। অম্বা বিশ্বৰ দ্বাৰা প্ৰত্যাখ্যাত। শিখণ্ডী বিশ্বৰ দ্বাৰা আৱদ্ধ।
চিহ্ন-ভিন্ন। আগৰ জন্মৰ দৰেই...। যুঁজাৰুজনে লাহেকৈ চকু দুটা মুদি দিলে।
“আহত আত্মাবোৰ তেতিয়াহে আটাইতকৈ ভয়ানক হৈ পৰে যেতিয়া তেওঁলোকৰ হেৰুৱাবলৈ একো নাথাকে। যেনেকৈ এতিয়া শিখণ্ডীৰ...।”
আগলৈ....