কাকধ্বজ// খণ্ড-১// সাগৰ সংগম দিহিঙীয়া
খণ্ড—১ সূৰ্যলোকত আজি সূৰ্য পৰিয়ালৰ বাবে অতি বিশেষ দিন। কাৰণ জ্যোতিষ আচাৰ্য্য ঋষি ভৃগুৱে দিয়া ভৱিষ্যত বাণীৰ মতে আজিৰ দিনটোতে দেৱী সংজ্ঞা আৰু সূৰ্যদেৱৰ পুত্ৰ যমে তেওঁলোকৰ নিজ-নিজ বাহন লাভ কৰিব। কাৰণ সূৰ্যদেৱৰ মতে তেওঁৰ এই দুই পুত্ৰৰে নিজৰ বাহন লাভ কৰাৰ উচিত সময় আহি পৰিছে। সেইবাবেই দেৱী সংজ্ঞাই ঋষি ভৃগুৰ দ্বাৰাই যমৰ ভৱিষ্যত বাণীও জানিবলৈ সক্ষম হৈছিল। কিন্তু এই ভৱিষ্যত বাণি এতিয়ালৈকে কেৱল দেৱী সংজ্ঞাইহে গম পাই, এই কথা এতিয়ালৈকে যমকো কোৱা হোৱা নাই। কাৰণ দেৱী সংজ্ঞাই ভালদৰেই জানে যে ভৱিষ্যতৰ আগজানীয়ে জীৱনৰ মাদকতা কিছু পৰিমাণে হলেও কমাই তুলে। আনফালে সময় যিমানে বাগৰিছে যমৰো চিন্তা বাঢ়ি যাবলৈ ধৰিছে। পুৱাৰে পৰা বাগিচাতে ইফালৰ পৰা সিফাললৈ চিন্তাত কেৱল অহাযোৱা কৰি আছে। সময় যিমানেই বাগৰিছে যমো যেন সিমানেই অস্থিৰ হৈ পৰিছে। যমৰ ভগ্নী যমোনাই পূজা ঘৰৰ পৰা ওলাই আহি ককায়েক যমক আচৰিত ভাবে চাইছে। সেই একেই চিন্তা, একেই দুমোজা যিটো তাই পূজা ঘৰত সোমাৱাৰ আগতে ককায়েক যমৰ মুখত দেখা পাইছিল। এই চিন্তা তাই ককায়েক যমৰ মুখত আগতে কোনোদিন দেখা নাছিল। কিন্তু আজি হ...



