Words That Inspire, Stories That Transform
নিৰৱ প্ৰতিশোধক শিখণ্ডী// অধ্যায় ৬ // পুনজন্মৰ অগ্নি
"এই পৃথিৱীখনক শাসন কৰা সেই অদৃশ্য শক্তি... মই মোৰ এই জীৱন নিজ ইচ্ছাত ঘূৰাই দিছোঁ। কিন্তু মোৰ ঘৃণা মোৰ সৈতে ঘূৰি আহিব।"
উপন্যাসSPIRITUALITY
সাগৰ সংগম দিহিঙীয়া
7/1/20261 min read


অসীম ৰাতিৰ বুকুত পৰ্বতবোৰ মৌন হৈ থিয় হৈ আছিল।
হিমালয়ৰ বুকুৰে ঠাণ্ডা বতাহ বৈ গৈছিল আৰু অম্বাৰ নিশ্চল দেহটোৰ ওপৰত লাহে লাহে বৰফ পৰিছিল। তাইৰ কাণত এতিয়াও শিৱৰ বাক্যবোৰ প্ৰতিধ্বনিত হৈ আছিল—
"তোমাৰ পৰৱৰ্তী জন্মত... তুমি ভীষ্মৰ মৃত্যুৰ কাৰণ হ'বা।"
সেই শব্দবোৰে সকলো সলনি কৰি পেলাইছিল। বছৰ বছৰ ধৰি তাই কোনো উদ্দেশ্য নোহোৱাকৈ কেৱল যন্ত্ৰণাৰ মাজেৰে ঘূৰি ফুৰিছিল।
এতিয়া…!
তাইৰ হাতত এক নিয়তি আছিল। এক ভয়ংকৰ নিয়তি।
অম্বাই লাহেকৈ চকু মেলিলে। তাইৰ চকুৰ ভিতৰৰ অন্ধকাৰখিনিক এতিয়া আৰু শোক যেন লগা নাছিল। ই আছিল এক নিশ্চিতি। ভীষ্মৰ মৃত্যু হ’বই— তাৰ বাবে যদি মৃত্যুকো অতিক্ৰম কৰিবলগীয়া হয়, তাই কৰিব।
তাইৰ চৌপাশে বৰফৰ কণা ঘন হৈ পৰিছিল। বহুত দূৰত, পৰ্বতৰ নামনিত কুকুৰনেচীয়াবোৰে চিঞৰিছিল। আৰু বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে... অম্বাই শান্ত অনুভৱ কৰিলে।
সুখ নহয়।
শান্তিও নহয়।
কেৱল এক শীতল নিশ্চিতি।
পুৰণি অম্বা। যি গৰাকী ৰাজকুমাৰীয়ে এসময়ত প্ৰেমৰ সপোন দেখিছিল, তেওঁ সম্পূৰ্ণৰূপে হেৰাই গৈছিল। এতিয়া কেৱল প্ৰতিশোধহে জীৱন্ত আছিল।
কিছুদিন পিছত, পৰ্বতৰ মাজেৰে পাৰ হৈ যোৱা পৰিব্ৰাজক সাধু কেইগৰাকীমানে তাইৰ মাজত কিবা এটা অদ্ভুত কথা লক্ষ্য কৰিলে। এসময়ত অনিয়ন্ত্ৰিত ক্ৰোধত জ্বলি থকা তিৰোতাগৰাকী এতিয়া ভয়ংকৰভাৱে মৌন হৈ পৰিছিল। যেন এটা শিখা, যি এতিয়া আৰু কঁপি উঠা নাই, কাৰণ তেওঁ ধৈৰ্য্য ধৰিবলৈ শিকিছে।
এদিন সন্ধিয়া, এজন বৃদ্ধ সাধুৱে সতৰ্কতাৰে তাইৰ ওচৰলৈ আহিল।
"আইদেউ," তেওঁ সোধাৰ দৰে কোমলকৈ সুধিলে, "প্ৰভু শিৱই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে, নহয় জানো?"
অম্বাই অন্ধকাৰ দিগন্তৰ পিনে চালে।
"হয়।"
সাধুজনে অলপ হাঁহিলে।
"তেন্তে এতিয়া ক্ষোভ-অসূয়া ত্যাগ কৰা। ভাগ্যই নিজেই তোমাৰ নিয়তি পূৰণ কৰিব।"
কিন্তু অম্বাই লাহে লাহে মূৰ জোকাৰিলে।
"নহয়।"
বৃদ্ধজনে কপাল কোঁচালে।
"তুমি আৰু কি বিচাৰিছা?"
অম্বাৰ কণ্ঠস্বৰ শূন্য হৈ পৰিল।
"মই পুনৰ্জন্ম বিচাৰোঁ।"
সাধুজনৰ মুখৰ ভাব মুহূৰ্ততে গম্ভীৰ হৈ পৰিল।
"মৃত্যুক লৈ ইমান লঘুভাৱে কথা নকবা।"
অম্বাই অৱশেষত তেওঁৰ পিনে চালে।
"আপুনি মৃত্যুক ভয় কৰে কাৰণে আপোনাৰ হাতত এতিয়াও জীয়াই থকাৰ কিবা নহয় কিবা এটা কাৰণ আছে।"
বৃদ্ধ সাধুজন মৌন হৈ ৰ’ল। কাৰণ তাই ঠিকেই কৈছিল। অম্বাই বহুত আগতেই সকলো হেৰুৱাইছিল। তাইৰ ৰাজ্য, তাইৰ প্ৰেম, তাইৰ সন্মান, তাইৰ পৰিচয় সকলোবোৰ। কেৱল প্ৰতিশোধ বাকী আছিল। আৰু প্ৰতিশোধৰ বাবে ত্যাগৰ প্ৰয়োজন আছিল।
সেই নিশা, তৰাৰে ভৰি থকা আকাশৰ তলত, পবিত্ৰ নদীখনৰ পাৰৰ অৰণ্যৰ মাজেৰে অম্বাই অকলে খোজ কাঢ়িছিল। বতাহজাকে তাইৰ ফটা কাপোৰ ফালি বৈ গৈছিল আৰু জোনে তাইৰ শেঁতা পৰা মুখখন আলোকিত কৰি তুলিছিল।
প্ৰতিটো স্মৃতি শেষবাৰৰ বাবে তাইৰ মনলৈ ঘূৰি আহিল-
কাশী
স্বয়ংবৰ
শাল্ব
ভীষ্ম
অপমান
প্ৰত্যাখ্যান
ঘৃণা
তাইৰ গোটেই জীৱনটো এটা মুহূৰ্ত, এটা সিদ্ধান্ত আৰু এজন মানুহে গঢ়ি তোলা যন্ত্ৰণাৰ শিকলি হৈ পৰিছিল।
অৰণ্যৰ গভীৰত থকা এক মুকলি ঠাইত তাই থমকি ৰ’ল। তাত ইতিমধ্যে শুকান কাঠ গোটোৱা হৈছিল। এখন চিতা— তাই নিজ হাতেৰে প্ৰস্তুত কৰিছিল।
বতাহজাকে তাইৰ চাৰিওফালে মৃদুভাৱে সুঁহুৰি মাৰিছিল। অম্বাই মৌন হৈ চিতাখনলৈ চাই ৰ’ল। সৰহভাগ মানুহেই জুইক ভয় কৰে। কিন্তু তাই ভয় কৰা নাছিল। কাৰণ তাতকৈ ডাঙৰ জুই একুৰা ইতিমধ্যে তাইৰ আত্মাৰ ভিতৰত জ্বলি আছিল।
লাহে লাহে তাই কাঠখিনিত জুই লগাই দিলে। অন্ধকাৰ ফালি জুইৰ শিখা ওপৰলৈ উঠিল— কমলা, সোনালী, ভোকাতুৰ। ধোঁৱাবোৰ আকাশৰ পিনে কুণ্ডলী পকাই উৰি যাওঁতে উত্তাপে তাইৰ মুখখন স্পৰ্শ কৰিলে।
এটা চুটি মুহূৰ্তৰ বাবে... ভয় ঘূৰি আহিল। বিষৰ ভয় নহয়, অজ্ঞাতৰ ভয়। শিৱৰ প্ৰতিশ্ৰুতি সঁচাকৈয়ে পূৰণ হ’বনে? মৃত্যুৰ পিছতো তাইৰ প্ৰতিশোধ জীয়াই থাকিবনে? নে তাই কেৱল শূন্যতাত বিলীন হৈ যাব?
চিতাৰ জুইকুৰা বেছিকৈ কেৰকেৰাই উঠিল। অম্বাই চকু দুটা বন্ধ কৰিলে।
আৰু হঠাৎ— তাই নিজৰ শৈশৱৰ কথা মনত পেলালে। কাশীৰ উদ্যানত ভগ্নী অম্বিকা আৰু অম্বালিকাৰ সৈতে হাঁহি থকা সেই দিনবোৰ। ৰাজ্যৰ আগতে, অহংকাৰৰ আগতে, পুৰুষে সকলো ধ্বংস কৰাৰ আগতে।
তাইৰ চকুৰে চকুলো নিশব্দে বৈ আহিল। ভীষ্মৰ বাবে নহয়, শাল্বৰ বাবেও নহয়। বৰঞ্চ এসময়ত তাই যি নিষ্পাপ ছোৱালী আছিল, তাইৰ বাবেহে। সেই পুৰণি অম্বাজনীলৈ। সেই সময়ত তাইৰ নিজৰ ওপৰতেই পুতৌ উপজিছিল। যিজনী ছোৱালী বহুত আগতেই মৰিছিল। এতিয়াৰ সন্মুখৰ জুইকুৰাই কেৱল মৃতদেহটোকহে জ্বলাইছিল।
অম্বা জুইৰ অধিক ওচৰলৈ চাপি গ’ল। উত্তাপটোৱে তাইক নিয়তিৰ নিশাহৰ দৰেই মেৰিয়াই ধৰিলে। তাৰ পিছত তাই আকাশৰ পিনে চকু তুলি চালে।
"মোৰ কথা শুনা," তাই ক’লে। তাইৰ কণ্ঠস্বৰে নিস্তব্ধ অৰণ্যখন কঁপাই তুলিলে। "এই পৃথিৱীখনক শাসন কৰা সেই অদৃশ্য শক্তি... মই মোৰ এই জীৱন নিজ ইচ্ছাত ঘূৰাই দিছোঁ। কিন্তু মোৰ ঘৃণা মোৰ সৈতে ঘূৰি আহিব।"
গছবোৰৰ মাজেৰে বতাহজাক প্ৰচণ্ড জোৰেৰে বৈ গ’ল— যেন বিশ্বব্ৰহ্মাণ্ডখনেই তাইৰ প্ৰতিজ্ঞা শুনিলে।
অম্বাই শেষবাৰৰ বাবে নিশাহ ল’লে, তাৰ পিছত জুইৰ মাজলৈ খোজ দিলে।
জুইৰ শিখাই তাইক মুহূৰ্ততে গ্ৰাস কৰিলে। গলি যোৱা তীখাৰ দৰে যন্ত্ৰণাই তাইৰ শৰীৰত প্ৰৱেশ কৰিলে, কিন্তু তাই চিঞৰি উঠা নাছিল। কাৰণ সেই যন্ত্ৰণাৰ সিপাৰে... তাই আন কিবা এটা অনুভৱ কৰিছিল।
মুক্তি।
নৈশ আকাশৰ বুকুত জুইকুৰা আৰু ওপৰলৈ উঠিল। পৰৱৰ্তী সময়ত পৰিব্ৰাজক সাধুসকলে দাবী কৰিছিল যে তেওঁলোকে জুইৰ শিখাৰ মাজত অদ্ভুত ছাঁ ঘূৰি ফুৰা দেখিছিল। কোনোবাই কৈছিল তেওঁলোকে হাঁহিৰ শব্দ শুনিছিল, কোনোবাই কৈছিল কন্দা শুনিছিল। আৰু কোনোবাই শপত খাই কৈছিল যে তেওঁলোকে এগৰাকী মহিলাৰ কণ্ঠস্বৰে এটা নাম বাৰে বাৰে উচ্চাৰণ কৰা শুনিছিল— ভীষ্ম, ভীষ্ম, ভীষ্ম।
ৰাতিপুৱালৈ বতাহে উৰুৱাই নিয়া ছাইৰ বাহিৰে অম্বাৰ একোৱেই বাকী ৰোৱা নাছিল।
তথাপিও বহুত দূৰৈৰ হস্তিনাপুৰত... ভীষ্ম হঠাৎ এক অশান্ত টোপনিৰ পৰা সাৰ পাই উঠিল।
মহাবীৰজন লাহে লাহে বিচনাৰ পৰা উঠিল। কিবা এটা অমংগল যেন লাগিল। বতাহজাক এক অদ্ভুত গধুৰতাই আৱৰি ধৰিলে। কি কাৰণত ক’ব নোৱাৰাকৈয়ে তেওঁ অকলে ৰাজপ্ৰসাদৰ বাৰান্দাৰ পিনে খোজ ল’লে। যিখন বাৰান্দাৰ পৰা শুই থকা ৰাজ্যখন দেখা গৈছিল।
ৰাতিটো নিস্তব্ধ আছিল। কিন্তু তেওঁৰ হৃদয়ৰ গভীৰত কিবা এটা অচিন অনুভৱক অনুভৱ কৰিলে। তেওঁ অনুভৱ কৰিলে নিয়তিৰ মাজেৰে গতি কৰা এটা ছাঁ। এক প্ৰতিশ্ৰুতি যাৰ পূৰণ এতিয়াও হোৱা নাই।
ভীষ্মই অলপ সময়ৰ বাবে চকু দুটা বন্ধ কৰিলে। আৰু বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ভয়ে তেওঁক স্পৰ্শ কৰিলে।
যুদ্ধৰ ভয় নহয়, মৃত্যুৰ ভয় নহয়— বৰঞ্চ নিজৰ ভাগ্যৰ ভয়।
বহুত দূৰত, অম্বাৰ ছাইখিনিয়ে পৃথিৱীৰ বতাহত বিলীন হৈ গ’ল। আৰু মৰ্ত্যৰ বুজাবুজিৰ বহু উৰ্ধত... অসহ্য ঘৃণা কঢ়িয়াই লৈ ফুৰা এটা আত্মাই পুনজন্মৰ দিশে যাত্ৰা আৰম্ভ কৰিলে।
এক নতুন নামৰ দিশে।
এক নতুন শৰীৰৰ দিশে।
শিখণ্ডীৰ জন্মৰ দিশে।
আগলৈ....