Words That Inspire, Stories That Transform
নিৰৱ প্ৰতিশোধক শিখণ্ডী//ঘৃণাৰ আৰম্ভণি//অধ্যায় ৩
“যদি কোনোবাই ভীষ্মক তেওঁৰ পাপৰ উত্তৰ দিবলৈ বাধ্য কৰিব পাৰে সেইয়া হৈছে পৰশুৰাম।”
SPIRITUALITYউপন্যাস
সাগৰ সংগম দিহিঙীয়া
6/28/20261 min read


শাল্ব ৰাজ্যত নিশা নামি আহিল।
প্ৰাসাদৰ কৰিড’ৰবোৰ নিস্তব্ধ।
শিলৰ দেৱালত জোৰবোৰ নিস্তেজ হৈ জ্বলি আছিল। আৰু দূৰৈৰ আকাশত মেঘৰ গৰ্জন শুনা গৈছিল।
আৰু সেই ধুমুহাৰ মাজত অকলে..., অম্বাই ক’লৈ যাব সেয়া নজনাকৈয়ে প্ৰাসাদৰ দুৱাৰৰ পৰা ওলাই আহিল।
কোনো প্ৰহৰীয়ে তাইক অনুসৰণ নকৰিলে।
কোনো সেৱকে তাইক বাধা নিদিলে।
কোনো মাতে তাইক ঘূৰাই মাতিবলৈ নাহিল।
যি নাৰীক এদিন ৰজাসকলে পাবলৈ ব্যাকুল আছিল, তাই আজি অদৃশ্য হৈ পৰিল।
ধৰাৰ বুকুত লাহে লাহে বৰষুণ পৰিবলৈ ধৰিলে।
অম্বাই খোজ কাঢ়ি থাকিল।
উদং ভৰিৰে।
ভগ্ন হৃদয়েৰে।
তাইৰ ডিঙিত থকা ৰাজকীয় অলংকাৰবোৰ এতিয়া শিকলিৰ দৰে গধুৰ যেন লাগিল। তাই এপদ এপদকৈ সকলোবোৰ খুলি বোকাত দলিয়াই দিলে।
সোণ, মুকুতা, হীৰা এতিয়া সকলো তাইৰবাবে মূল্যহীন। যি পৃথিৱীত পুৰুষে নাৰীৰ ভাগ্যক গৰু-ম'হৰ দৰে দৰ-দাম কৰে, তাত সৌন্দৰ্যক কিনা-বেচা কৰিব খোজা, তাত হৃদয়ৰ মূল্য কি? আকাশত বিজুলীৰ চকমকনি। ক্ষণিক সময়ৰ বাবে তাই বাটৰ কাষৰ পুখুৰী এটাৰ পানীত নিজৰ প্ৰতিচ্ছবি দেখিলে। তাইৰ চকুৱে যেন তাইক নিজকেই ভয় খুৱাই দিলে। সেই কোমলতা নাইকীয়া হৈ গৈছে। তাৰ ঠাইত কোনোবা অন্ধকাৰ শক্তিয়ে বাহ লৈছে। তাই খোজ কাঢ়িয়েই থাকিল, যেতিয়ালৈকে চহৰখনৰ শব্দ তাইৰ পৰা আঁতৰি নগল।
এতিয়া কেৱল অৰণ্যখন বাকী ৰ'ল। গছৰ মাজেৰে শীতল বতাহ বৈ গ'ল আৰু বৰষুণে তাইৰ ৰাজকীয় পোছাক তিয়াই পেলালে। অৱশেষত, ক্লান্তিৰে তাইৰ শৰীৰ ভাগি পৰিল।
অম্বা এজোপা বিশাল বট গছৰ তলত ঢলি পৰিল।সয়ম্বৰৰ পিছৰ পৰা প্ৰথমবাৰৰ বাবে...তাই কান্দি পেলালে।
শান্ত হৈ নহয়।
সন্মানেৰে নহয়।
তাই আন্ধাৰৰ মাজত আঘাতপ্ৰাপ্ত পশুৰ দৰে চিঞৰি উঠিল।
“কিয়?”
তাইৰ মাত অৰণ্যত প্ৰতিধ্বনিত হ’ল।
“মই কি অপৰাধ কৰিছিলোঁ?”
মেঘৰ গৰ্জনে উত্তৰ দিলে।
তাইৰ চকুলো বৈ পৰিল আৰু স্মৃতিবোৰে তাইৰ মনত আক্ৰমণ কৰিলে।
ভীষ্মৰ আগমন।
শাল্বৰ মৌনতা।
ৰজাসকলৰ হাঁহি।
মানুহৰ চকুত থকা সহানুভূতি।
প্ৰতিটো মূহূৰ্ত তাইৰ ভিতৰত বিষৰ দৰে জ্বলি আছিল।
“মই তেওঁক ভাল পাইছিলোঁ...।”
তাইৰ মাত কঁপিবলৈ ধৰিলে।
“মই তেওঁক ভাল পাইছিলোঁ...।”
কিন্তু প্ৰেমে তাইক বচাব নোৱাৰিলে। সন্মানে তাইক বচাব নোৱাৰিলে। সত্যই তাইক বচাব নোৱাৰিলে। কাৰণ ৰজাসকলৰ পৃথিৱীত..., নাৰীৰ হৃদয়ৰ কোনো অৰ্থ নাছিল। কোনো মূল্য নাই।
প্ৰহৰৰ পাছত প্ৰহৰ পাৰ হ’ল।
অৰণ্যখন মৰাশৰ দৰে নিস্তব্ধ হৈ পৰিল।
অম্বাই লাহে লাহে মূৰ তুলিলে।
আৰু তেতিয়া তাই খোজৰ শব্দ শুনিলে। তাই ভয় আৰু আচৰিত হৈ ইফালে-সিফালে চালে।
আন্ধাৰৰ মাজৰ পৰা হাতত তেলৰ চাকি লৈ কেজনমান পৰিব্ৰাজক ঋষি ওলাই আহিল।
তেওঁলোকৰ নেতা, ৰূপালী চুলি আৰু শান্ত চকুৰ এজন বৃদ্ধ ঋষিয়ে তাইৰ অৱস্থা দেখি ৰৈ গ’ল।
“আই,” তেওঁ মৃদু মাতেৰে ক’লে, “তুমি কোন?”
অম্বাই কিছু সময় নিৰৱ হৈ ৰ’ল।
তাৰপাছত তাই ক’লে-“কোনো নহয়।”
ঋষিসকলে এজনে আনজনৰ ফালে চালে।
বৃদ্ধ ঋষিজন ওচৰ চাপি আহিল।
“তোমাৰ আত্মাই যন্ত্ৰণাৰ কথা কৈছে।”
সেই কথাষাৰ শুনাৰ লগে লগে তাইৰ ভিতৰৰ কিবা এটা যেন পুনৰ ভাঙি পৰিল।
তাই সকলো কথা খুলি ক’লে।
সয়ম্বৰৰ কথা।
ভীষ্মৰ কথা।
শাল্বৰ কথা।
প্ৰত্যাখ্যানৰ কথা।
অপমানৰ কথা।
তাইৰ জীৱন ধ্বংস হোৱাৰ কথা।
ঋষিসকলে নিৰৱে শুনি থাকিল।
তাই কথা শেষ কৰাত বৃদ্ধ ঋষিজনে দুখেৰে চকু মুদিলে।
“তুমি ন্যায় বিচাৰিছা।”
অম্বাই লগে লগে মূৰ তুলি চালে।
“হয়।”
“কিন্তু তুমি প্ৰকৃততে যি বহন কৰিছা,” ঋষিজনে লাহে লাহে ক’লে, “সেয়া হ’ল প্ৰতিশোধ।”
এই শব্দটোৱে বতাহত গধুৰ ভাব এটা আনি দিলে।
“প্ৰতিশোধ।’’
অম্বাই মনৰ ভিতৰতে শব্দটো পুনৰাবৃত্তি কৰিলে।
আৰু প্ৰথমবাৰৰ বাবে সেয়া সঠিক যেন লাগিল।
“হয়,” তাই লাহেকৈ ক’লে।
ন্যায় নহয়।
ন্যায় ৰাজ্য আৰু আদালতৰ বস্তু।
এতিয়া তাইৰ ভিতৰত যি জ্বলি আছে, সেয়া ন্যায়তকৈ বহু ওপৰত।
সেয়া আছিল ঘৃণা।
বিশুদ্ধ। জীৱন্ত। ভয়ংকৰ।
বৃদ্ধ ঋষিজনে তাইৰ মুখখন সাৱধানে পৰীক্ষা কৰিলে।
“ঘৃণা হ’ল জুই,” তেওঁ সতৰ্ক কৰি দিলে। “যদি তুমি ইয়াক বহুদিন ধৰি ৰাখা, তেন্তে ই সকলো ধ্বংস কৰি পেলাব।”
অম্বাৰ চকু ক’লা পৰি গ’ল।
“তেনেহ’লে মোক ধ্বংস হ’বলৈ দিয়ক।”
ঋষিসকল নিৰৱ হৈ পৰিল।
কাৰণ তেওঁলোকে এটা ভয়ংকৰ কথা বুজি পালে, এই নাৰীয়ে এতিয়া ধ্বংসলৈ ভয় নকৰে। তাই তাক আদৰি লৈছে।
বৃদ্ধ ঋষিজনে দীঘলকৈ উশাহ ল’লে।
“আৰ্যাৱৰ্তত এজনহে ব্যক্তি আছে যিয়ে ভীষ্মৰ বিৰুদ্ধে থিয় হ’ব পাৰে।”
অম্বা লগে লগে থিয় হ’ল।
“কোন?”
ঋষিজনে চকুহাল গম্ভীৰ কৰি তুলিলে।
“পৰশুৰাম।”
নামটোৱেই ভয় কঢ়িয়াই আনিছিল।
বীৰ পৰশুৰাম। ক্ষত্ৰিয়ৰ ধ্বংসকাৰী।
ভীষ্মৰ গুৰু।
অম্বাৰ হৃদস্পন্দন দ্ৰুত হ’ল।
“যদি কোনোবাই ভীষ্মক তেওঁৰ পাপৰ উত্তৰ দিবলৈ বাধ্য কৰিব পাৰে সেইয়া হৈছে পৰশুৰাম।”-ঋষিজনে ক’লে।
অম্বাৰ প্ৰথমবাৰৰ বাবে আশা ঘূৰি আহিল। প্ৰেমৰ সেই কোমল আশা নহয়। কুঁৱৰীৰ সেই নিৰপৰাধ আশা নহয়। এই আশা আছিল কিবা এক শীতল। প্ৰতিশোধৰ পৰা জন্ম লোৱা এটা আশা।
“মই তেওঁক ক’ত বিচাৰি পাম?” তাই তৎক্ষণাৎ সুধিলে।
বৃদ্ধ ঋষিজনে উত্তৰ দিশৰ পৰ্বতৰ ফালে আঙুলিয়াই দিলে।
“মহেন্দ্ৰ পৰ্বতৰ সিপাৰৰ অৰণ্যত।”
দ্বিধাহীনভাৱে অম্বাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।
কিন্তু ঋষিজনে পুনৰ মাতিলে।
“আই।”
তাই ৰৈ গ’ল।
“তুমি এবাৰ এই পথত যাত্ৰা আৰম্ভ কৰিলে, আৰু ঘূৰি অহাৰ পথ নাথাকিব।”- ঋষিজনে তাইক সতৰ্ক কৰি ক’লে।
অম্বাই পিছলৈ ঘূৰি চালে।
বিজুলিৰ পোহৰত তাইৰ চকুপানীৰে তিতি থকা মুখখনত স্পষ্টকৈ দেখা গ’ল।
“ঘূৰি আহিবলৈ আৰু একো নাই।”
আৰু তাৰপাছত তাই আন্ধাৰত মিলি গ’ল।
দিনবোৰ সপ্তাহ হ’ল। সপ্তাহবোৰ মাহ হ’ল। অম্বাই পৰশুৰামক বিচাৰি অৰণ্য, পৰ্বত, নদী আৰু গাঁৱৰ মাজেৰে ঘূৰি ফুৰিল। তাইৰ শৰীৰ দুৰ্বল হৈ পৰিল। ভৰিৰ পৰা তেজ ওলাল। ৰাজকীয় পোছাকবোৰ ফালি চিৰি টুকুৰা-টুকুৰা হ’ল। কিন্তু তাইৰ ভিতৰৰ জুই নুমুৱা নাছিল। কেতিয়াবা গাঁৱৰ মানুহে তাইক খাদ্য দিলে। কেতিয়াবা তেওঁলোকে তাইক উপহাস কৰিলে। কেতিয়াবা তেওঁলোকে তাইৰ চকুৰ সেই অদ্ভুত তীব্ৰতাক ভয় কৰিলে। কিন্তু একোৰে একো গুৰুত্ব নাছিল।তাই এতিয়া কেৱল এটা উদ্দেশ্য লৈ জীয়াই আছিল।
ভীষ্ম।
অৱশেষত, মাহজোৰা সন্ধানৰ অন্তত অম্বাই সেই পৰ্বতীয় অৰণ্য পালেগৈ য’ত পৰশুৰামে ধ্যান কৰি আছিল।
তাত বতাহৰ অনুভৱো যেন সুকীয়া।
নিস্তব্ধ।
প্ৰাচীন।
ভয়ংকৰ।
বিশাল গছবোৰে সূৰ্যৰ পোহৰ অৱৰোধ কৰিছিল আৰু শীতল বতাহবোৰ পৰ্বতৰ মাজেৰে পাহৰণিৰ দেৱতাসকলৰ ফুচফুচনিৰ দৰে বৈ আছিল।
আৰু তাত, এখন জলপ্ৰপাতৰ কাষত, পৰশুৰাম বহি আছিল। চকু মুদা। স্থিৰ। কাষতে এখন কুঠাৰ থোৱা আছিল। নিৰৱতাৰ মাজতো তেওঁ ভয়ংকৰ শক্তি বিয়পাই আছিল।
অম্বাই লাহে লাহে ওচৰ চাপিল। আৰু তেওঁৰ ভৰিৰ কাষত আঁঠু লৈ পৰিল।
“ভগৱান...” তাই ক্ষীণ মাতেৰে ক’লে।
পৰশুৰামে চকু মেলিলে। পৰ্বতবোৰ যেন সেই চাৱনিত সাৰ পাই উঠিল। তেঁওৰ তীক্ষ্ণ চকুহাল তাইৰ ওপৰত নিৱদ্ধ হ’ল।
“তুমি যন্ত্ৰণা কঢ়িয়াইছা।” তেওঁ ক’লে।
অম্বাৰ ওঁঠ কঁপিবলৈ ধৰিলে।
“মই ঘৃণা কঢ়িয়াইছোঁ।”
পৰশুৰাম নিৰৱ হৈ ৰ’ল।
তাৰপাছত অম্বাই মূৰ দোঁৱালে।
“মোক ন্যায় দিয়ক।”
অৰণ্যৰ মাজেৰ বতাহে জোৰেৰে গৰ্জন কৰি উঠিল। আৰু বহু দূৰৈত..., নিয়তিয়ে পুনৰ গতি কৰিবলৈ আৰম্ভ কৰিলে।