প্ৰিয়বন্ধু
চকলেট খাই ভালপোৱা শুভ্ৰাৰ মনত পাৰ্থই কৰা দখলত যেন মই সোমাই পৰিছিলোঁ। আকৌ কেতিয়াবা নিয়ৰৰ মাজত নিজক বিচাৰি পাইছিলো। মই বুদ্ধ হ’ব কোনোদিন নোৱাৰোঁ। বুদ্ধৰ দৰে বন্ধু হ’বলৈ আৰু পাবলৈ বহুত কঠিন।
ARTICLEREVIEW
Sagar Songom Dihingia
12/10/20251 min read
কিতাপৰ নাম: প্ৰিয়বন্ধু
প্ৰকাশক: ৰাজেন্দ্ৰ মোহন শৰ্মা
ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা
চন্দ্ৰ প্ৰকাশ
পৃষ্ঠা: ৩৭২
মূল্য: ২৯০
মণিকুন্তলা ভট্টাচাৰ্যৰ ‘প্ৰিয়বন্ধু’। প্ৰায়বোৰেই হয়তো এই উপন্যাস খন ইতিমধ্যে পঢ়িছেই। মোৰহে হয়তো পঢ়াত অলপ পলম হ’ল।
সাপ্তাহিক কাকত ‘সপ্তাহিক জনমভূমি’ কাকতত ধাৰাবাহিক উপন্যাস হিচাপে প্ৰাকশ হোৱা ‘যুৱতৰা’ শীৰ্ষক উপন্যাসৰ গ্ৰন্থ ৰূপ ‘প্ৰিয়বন্ধু’। যুৱপ্ৰজন্মক চৰিত্ৰ হিচাপে লৈ আগবঢ়া এই উপন্যাস খন অতি দ্ৰুতবেগী আৰু আধুনিক।
আজিৰ সময়ত সহপাঠীৰ সম্পৰ্ক বন্ধুত্বলৈ, বন্ধুত্বৰ হৰ্ষ-বিষাদৰ পৰ্যবসন ক’লৈ কেনেকৈ ঘটে, তাৰেই প্ৰচ্ছায়াত উজ্জীৱিত এই উপন্যায়।
নিয়ৰ আৰু শুভ্ৰা নামৰ দুটা চৰিত্ৰৰে আৰম্ভহোৱা এই উপন্যাস খন পঢ়াৰ আনন্দ মই কোনোদিন পাহৰিব নোৱাৰিম। ‘প্ৰিয়বন্ধু’ পঢ়ি মই যিমান আনন্দ লাভ কৰিলো, সেই আনন্দ মই কোনো দিনে ক’তো বিচাৰি পোৱা নাছিলোঁ।
কিতাপৰ সমালোচনা কৰাটো মোৰ বাবে কঠিন বিষয় যদিও, ‘প্ৰিয়বন্ধু’ পঢ়াৰ পিছত মোৰ অনুভৱ প্ৰকাশত অলপো বাধা দিব নোৱাৰিলো।
আজি প্ৰায় বহুদিনেই হ’ল, উপন্যাস খন পঢ়ি শেষ হোৱা। লিখোঁ-নিলিখোকৈ আজি দুপৰিয়াতে হাতত কলম তুলি লৈ লিখিবলৈ আৰম্ভ কৰিলো।
লিখিবলৈ আৰম্ভ কৰিছো—শুভ্ৰা, নিয়ৰ, পাৰ্থ, বুদ্ধহঁতৰ কথা। সিহঁতৰ মাজৰ বন্ধুত্বৰ কথা। সিহঁতৰ মাজত থাকি মোৰ মনত হোৱা অনুভৱবোৰৰ কথা।
চকলেট খাই ভালপোৱা শুভ্ৰাৰ মনত পাৰ্থই কৰা দখলত যেন মই সোমাই পৰিছিলোঁ। আকৌ কেতিয়াবা নিয়ৰৰ মাজত নিজক বিচাৰি পাইছিলো। মই বুদ্ধ হ’ব কোনোদিন নোৱাৰোঁ। বুদ্ধৰ দৰে বন্ধু হ’বলৈ আৰু পাবলৈ বহুত কঠিন। উপন্যাসখন পঢ়ি স্কুলীয়া দিনবোৰলৈ ঘূৰি গৈছিলোঁ। পাৰ্থৰ চৰিত্ৰটোত একান্তভাৱে সোমাই পৰিছিলোঁ সেই দিনটোলৈকে, যিটো দিনলৈকে তাৰ এক্সিডেণ্টৰ খবৰ অহা নাছিল। মাজে মাজে পাৰ্থৰ চৰিত্ৰৰ পৰা ওলাই আহি নিয়ৰৰ চৰিত্ৰৰ মাজত সোমাই পৰো যদিও অলপো বেয়া নালাগে চৰিত্ৰ সলনি কৰি। আনকি মই উপন্যাস খনৰ পৰা অলপ সময়ৰ কাৰণেও বাহিৰ হ’ব পৰা নাছিলোঁ।
বুদ্ধ! বুদ্ধৰ দৰে বন্ধু আজিৰ সময়ত পাবলৈ নাই। বন্ধুৰ বাবে 24×7 আজিকালি কোনো হ’ব নোৱাৰে। বুদ্ধৰ মনত কোনেও দুখ নেদেখে। আনকি কোনেও একো নাজানে তাৰ মনৰ কথা। এদিনো কোনেও সুধা নাই তাৰ মনৰ কথা। বুদ্ধৰ দৰে বন্ধু জীৱনত বহুত বেছিকৈয়ে প্ৰয়োজন, সকলোৰেই জীৱনত প্ৰয়োজন। ৩৭২ পৃষ্ঠাৰ এই উপন্যাস খনৰ মাজলৈ বাৰে বাৰে লৈ গৈ আছিল বুদ্ধু নামৰ বন্ধুজনে। তাৰ বন্ধুত্বই, বন্ধুৰ বাবে সদা প্ৰস্তুত তাৰ মনটোৱে, মোক বাৰে বাৰে লৈ গৈছিল উপন্যাস খনৰ ভিতৰলৈ।
মাক নোহোৱা শুভ্ৰাৰ আৱেগবোৰে কুমল কৰি তুলিছিল মোৰ হৃদয়। বাৰে বাৰে তাইৰ প্ৰেমত পেলাইছিল, তাইৰ কথাবোৰে। তাইৰ জীৱনৰ প্ৰতিখন যুদ্ধ হৃদয়ংগম কৰিছিলো। ঘৰখনৰ প্ৰতিটো কাম কৰাৰ পিছতো তাই নিয়াৰিকৈ কৰা শিক্ষাৰ যাত্ৰাত যেন মোৰ ঈৰ্ষা উঠিছিল —‘তাই ইমান কেনেকৈ পাৰে?’
সন্ধিয়া চাহাজাহানৰ বাইকৰ পিছত উঠি আহি ঘৰৰ পদূলিত এটা চুমাৰ বাবে ব্যাকুল হোৱা শুভ্ৰালৈ খঙো উঠিছিল বহুবাৰ। মনতে বহুবাৰ কৈ উঠিছিলোঁ —‘নিয়ৰৰ মাজত কিয় তাই প্ৰেম দেখা নাই? নিয়ৰেও তাইৰ বাবে বহুত কৰিছে। তেন্তে চাহাজাহানাৰ বাবে হোৱা অনুভৱ তাৰ বাবে কিয় হোৱা নাই?’
বাৰে বাৰে নিয়ৰে ফালি নিয়া বহীৰ পৃষ্ঠাটোৰ কথা কৈ পাৰ্থক ভালপোৱাৰ কাৰণ দিওঁতে মনতে কৈছিলো—‘নিয়ৰেও তাইক টকা দিছিল। বুদ্ধৰ হাততেই দি পঠিয়াইছিল তাইৰ বাবে টকা। এইবোৰ কথা তাই কিয় ভবা নাই? কেৱল পাৰ্থৰ কথাই কিয় ভাবে তাই?’
যদিও মই পাৰ্থৰ চৰিত্ৰটোৰ মাজত সোমাই পৰিছিলো, নিয়ৰৰ চৰিত্ৰটোৱে নিয়ৰৰ মাজত থকা অনুভৱবোৰে মোক বাৰে বাৰে জোকাৰি গৈছিল।
৩৭২ পৃষ্ঠাৰ এই বন্ধুত্বৰ উপন্যাস ‘প্ৰিয়বন্ধু’ ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হৈছিল। প্ৰকাশ আছিল— ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ।
শেষত লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক বহুত বহুত ধন্যবাদ। ইমান এখন সুন্দৰ উপন্যাস পাঠকক উপহাৰ দিয়াৰ বাবে।