Words That Inspire, Stories That Transform
Numerology মানে কি?
Numerology হৈছে জ্যোতিষৰ সেই দিশ, যিটো দিশ আত্ম-আৱিষ্কাৰ আৰু ভৱিষ্যদ্বাণীৰ সৈতে জড়িত। ই আপোনাক পৃথিৱীৰ গোপন অৰ্থ বিচাৰি উলিওৱাত সহায় কৰে। Numerology য়ে আপোনাৰ জীৱনৰ ব্যক্তিগতকৃত পথ প্ৰদৰ্শক, আপোনাৰ কিবা এটা হোৱাৰ সম্ভাৱনা, আপোনাৰ শক্তি আৰু দুৰ্বলতা হিচাপে কাম কৰিব পাৰে।
ARTICLESPIRITUALITY
Sagar Songom
6/14/20261 min read


সাধাৰণ ভাৱে ক’বলৈ হ’লে, আমি সকলোৱে জানো যে প্ৰতিটো সংখ্যাৰে একোটা নিজা বৈশিষ্ট্য বা বিশেষত্ব আছে। আৰু প্ৰতিটো নম্বৰেই সেই নিজা বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে। আমাৰ সকলো কৰ্মতে একোটাকৈ নম্বৰ জড়িত হৈ থাকে। সেই নম্বৰে বহু সময়ত শুভ ফল দিয়ে, আৰু বহু সময়ত নিদিবও পাৰে। এই সকলোবোৰ সেই নম্বৰটোৰ বৈশিষ্ট্য বা বিশেষত্বৰ বাবেই হোৱা বুলি কোৱা হয়। কোৱা হয় সেই নম্বৰ সমূহক আমি নহয়, নম্বৰ সমূহেহে আমাক প্ৰচণ্ড কৰে।
Numerology হৈছে জ্যোতিষৰ সেই দিশ, যিটো দিশ আত্ম-আৱিষ্কাৰ আৰু ভৱিষ্যদ্বাণীৰ সৈতে জড়িত। ই আপোনাক পৃথিৱীৰ গোপন অৰ্থ বিচাৰি উলিওৱাত সহায় কৰে। Numerology য়ে আপোনাৰ জীৱনৰ ব্যক্তিগতকৃত পথ প্ৰদৰ্শক, আপোনাৰ কিবা এটা হোৱাৰ সম্ভাৱনা, আপোনাৰ শক্তি আৰু দুৰ্বলতা হিচাপে কাম কৰিব পাৰে। আপোনাৰ জন্ম তাৰিখৰ পৰা তিনিটা সংখ্যা (attitude number, life path, আৰু birth number) আৰু আন তিনিটা (soul’s urge number, power number আৰু personality number) আপোনাৰ নামৰ আখৰৰ পৰা উলিওৱা হয়। প্ৰত্যেকৰে নিজস্ব উল্লেখযোগ্য অৰ্থ আৰু স্থান আছে আৰু আটাইতকৈ বিশিষ্টটোক আপোনাৰ জীৱন পথৰ সংখ্যা বুলি ক’ব পাৰি। প্ৰতিটো সংখ্যাৰ লগত জড়িত বিশেষ শক্তি থাকে। উদাহৰণস্বৰূপে যেনে- নেতৃত্ব, উদ্ভাৱন, স্বাধীনতাই প্ৰথম নম্বৰৰ বাবে থিয় দিছে, দায়িত্ব, সমন্বয়, ‘পিতৃ-মাতৃৰ সংখ্যা’ই ছয় নম্বৰৰ বাবে থিয় দিছে। মনোমোহাতা, আশাবাদ আৰু আত্মপ্ৰকাশৰ অৰ্থ তিনি নম্বৰ। ন নম্বৰটোৱে আদৰ্শবাদ, মমতা আৰু নিৰাময়ৰ বাবে থিয় দিছে। ইত্যাদি আপুনি কেতিয়াও পিছলৈ ঘূৰি গৈ আপোনাৰ অতীত সলনি কৰিব নোৱাৰে কিন্তু আপুনি সদায় আপোনাৰ ভৱিষ্যতৰ পৰা সৰ্বোত্তমখিনি উলিয়াব পাৰে আৰু Numerology হৈছে সেই গেটৱে যিয়ে আপোনাক তেনে কৰাত সহায় কৰিব।
এতিয়া আমি জানো আহকচোন আমাৰ জন্ম সংখ্যা, নামৰ সংখ্যা বা আপোনাৰ লগত জড়িত বিভিন্ন ধৰণৰ সংখ্যা সমূহে কি অৰ্থ সূচাই সেই বিষয়ে জানিম।
কিন্তু আমি সেই সংখ্যাবোৰে কি অৰ্থ সূচাই সেই বিষয়ে জনাৰ আগতে আমি আমাৰ জন্ম তাৰিখৰ পৰা কেনেকৈ মূলাঙ্ক আৰু ভ্যাগ্যাঙ্ক উলিয়াব লাগে সেই বিষয়ে আলোচনা কৰিম।
ধৰি লওঁক কোনো এজন ব্যাক্তিৰ জন্ম তাৰিখ 26-01-2002
এতিয়া আমি যদি তেখেতৰ জন্মতাৰিখৰ পৰা মূলাঙ্ক উলিয়াব লাগে, তেন্তে আমি তেখেতৰ জন্ম তাৰিখৰ সংখ্যাটো ধৰিব লাগিব। এই ক্ষেত্ৰত তেখেতৰ জন্ম তাৰিখ হৈছে 26 আৰু সংখ্যাত্বত কেৱল এটা সংখ্যাৰে যিহেতু মান নিৰ্ণয় কৰা হয়, সেই বাবে আমি এই ক্ষেত্ৰত তেখেতৰ জন্মতাৰিখতোক 2+6=8 হিচাপে নিৰ্ণয় কৰিম।
এতিয়া আমি এই জন্মৰ পৰা ভ্যাগ্যাঙ্ক নিৰ্ণয় কৰিবৰ বাবে আমি উদাহৰণ হিচাপে লোৱা জন্মতাৰিখৰ লগতে চন আৰু মাহটোও যোগ কৰিব লাগিব ঠিক এনেদৰে-
2+6+1+2+2=13 (শূণ্য কেইটাক আমি যিহেতু যোগ কৰিব নোৱাৰো সেইবাবে আমি শূণ্য কেইটাক এই ক্ষেত্ৰত আঁতৰাই ৰাখিছো) যিহেতু আমি ক্ষেত্ৰটো দুটা সংখ্যাৰ উত্তৰ পাইছো, সেই বাবে আমি পুনৰ 1+3=4 কৰিলো।
এতিয়া আমি উদাহৰণ হিচাপে লোৱা জন্মতাৰিখৰটোৰ পৰা মূলাঙ্ক-৮ আৰু ভ্যাগ্যাঙ্ক-৪ পালো।
এতিয়া আমি জানো আহক কোন সংখ্যায় কি সূচাই?
সংখ্যা-১
১ নম্বৰ সংখ্যাই সূৰ্যক প্ৰতিনিধিত্ব কৰে। এই সংখ্যাই আপোনাৰ লিডাৰচিপ কোৱালিটি, পাৱাৰ, সফলতা পোৱাৰ ক্ষেত্ৰত সহায় কৰে। যদি আপুনি ব্যৱসায় বা আপোনাৰ নেতূত্বত চলাব বিচৰা কিবা কাম কৰিব বিচাৰে তেন্তে এই সংখ্যা আপোনাৰ বাবে শুভ সংখ্যা হব পাৰে।
সংখ্যা-২
দুই নম্বৰ সংখ্যাই চন্দ্ৰক সূচাই। এই সংখ্যাৰ গৰাকী যথেষ্ট আৱেগিক হয়। এই সংখ্যাৰ গৰাকীৰ সাধাৰণতে সিদ্ধান্তবোৰ সলনি হৈ থাকে। লগতে এওঁলোকৰ খোব কম সময়তে জ্বৰ বা মূৰৰ বিষ হোৱা দেখা যায়। এই সংখ্যাৰ গৰাকী খোব ৰোমান্টিক মনৰ হয়। Art, Music বা এনে ক্ষেত্ৰৰ বাবে এই সংখ্যা শুভ।
সংখ্যা-৩
তিনি সংখ্য়াটোক বৃহস্পতি গুৰুৰ সংখ্যা হিচাপে ধৰা হয়। এই সংখ্যাৰ ব্যক্তিসকলৰ নতুন কিবা এটা শিকাৰ প্ৰৱণতা সদায় থাকে। এই সংখ্যাৰ ব্যক্তিসকল শিক্ষা, সাহিত্য আৰু বক্তৃতাৰ সৈতে অধিক জড়িত হয়। কিছু ক্ষেত্ৰত এওঁলোক মুডি হোৱাও দেখা যায়।
সংখ্যা-৪
৪ নম্বৰৰ সংখ্যাটোক ৰাহুৰ সংখ্যা হিচাপে ধৰা হয়। এই সংখ্যাটোৱে মানুহৰ পৰিশ্ৰম বঢ়োৱাৰ লগতে Impatient আৰু Unsteady কৰি তুলে। এই সংখ্যাৰ ব্যক্তি সকল অতি সোনকালেই নিচাৰ প্ৰতি আসক্ত হয়। লগতে কিছু ক্ষেত্ৰত এওঁলোকৰ লোভটোও বেচি বুলি কব পাৰি।
সংখ্যা-৫
এই সংখ্যাক বুধৰ সংখ্যা হিচাপে ধৰা হয়। বুধ হ’ল বুদ্ধিৰ বাহক। এই সংখ্যাই আপোনাক Stability প্ৰদান কৰে। এই সংখ্যাৰ ব্যক্তিসকল খুব চতুৰ স্বভাৱৰ হোৱাৰ লগতে যথেষ্ট জ্ঞানিও হয়। এই সংখ্যাই Balanced কৰে। লগতে এই সংখ্যা ব্যৱসাৰ ক্ষেত্ৰতো শুভ বুলি ধৰা হয়।
সংখ্যা-৬
এই সংখ্যাক শুক্ৰৰ সংখ্যা বুলি ধৰা হয়। এই সমখ্যাক Luxuryৰ সংখ্যা বুলিও ধৰা হয়। এই সংখ্যাৰ গৰাকীয়ে চাফ-চিকুণতা সদায় পচন্দ কৰে। ৰোমাণ্টিক মনৰ হয়। এওঁলোকৰ প্ৰতি মানুহ অতি সোনকালেই আকৰ্ষিত হয়। এই সংখ্যা ব্যৱসায়, সাহিত্য, সংস্কৃতি আৰু মেটেৰিয়েলিষ্টিক জীৱন বিচৰা সকলৰ বাবে উত্তম সংখ্যা বুলি ধৰা হয়।
সংখ্যা-৭
এই সংখ্যা কেতুৰ সংখ্যা বুলি ধৰা হয়। এই সংখ্যাৰ ব্যক্তি সকল সৃষ্টিশিল মনৰ হয়। এওঁলোক যথেষ্ট আৱেগিক হয়। এওঁলোকৰ চালৰ ৰোগ, পেটৰ বা ককালৰ তলৰ অংশৰ সমস্যা সঘনে হোৱা দেখা যায়। এই সংখ্যাক মেজিক সংখ্যা বা যাদুৰ সংখ্যা বুলিও কব পাৰি। এই সংখ্যাৰ ব্যক্তিসকলে আনে কৰিব নোৱাৰা কামবোৰ কৰি ভাল পোৱাৰ লগতে খোৱ সোনকালে সেই কাম সমাধানও কৰিব পাৰে। এই সংখ্যাৰ ব্যক্তিৰ গোপনিয়তা বহুত বেছি।
সংখ্যা-৮
এই সংখ্যাক শনিৰ সংখ্যা বুলি ধৰা হয়। শনি ন্যায়ৰ দেৱতা। এই সংখ্যাৰ ব্যক্তিসকল সফল হওঁতে কিছু সময় লাগে। এওঁলোকে ন্যায়ৰ লগত জড়িত কৰ্মবোৰ পচন্দ কৰে। এই সংখ্যাৰ ব্যক্তিৰ খং অলপ বেছি দেখা যায় আৰু সেই সময়ত আনে কিবা কথা বুজালেও বুজিব নিবিচাৰে।
সংখ্যা-৯
এই সংখ্যাক মঙ্গলৰ সংখ্যা বুলি ধৰা হয়। এই সমখ্যাৰ ব্যক্তিসকল খুব এনাৰ্জেটিক হয়। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হয়। এওঁলোকে কিছু ক্ষেত্ৰত কষ্ট কৰি ভাল পায়। এওঁলোক সাহসী।
(সংখ্যা সমূহৰ বিষয়ে আৰু অধিক জানিবৰ বাবে বা আপোনাৰ সমস্যা সমূহৰ সমাধানৰ বাবে যোগাযোগ কৰক—7896147242 নম্বৰত।)