অনলাইন নিৰ্ভৰশীলতা: আধুনিক সমাজৰ সুবিধা আৰু অসুবিধা

অনলাইন শ্বপিঙে আমাৰ জীৱনটো অতি সহজ আৰু সুবিধাজনক কৰি তুলিছে। সময়, পইচা আৰু কষ্ট বচোৱাৰ লগতে আধুনিক সমাজৰ ডিজিটেল উন্নয়নৰ প্রতীক হিচাপে অনলাইন নিৰ্ভৰশীলতা বুজিব পাৰি। তথাপি ইয়াৰ বেয়া দিশসমূহো অস্বীকাৰ কৰিব নোৱাৰি। অতিৰিক্ত নিৰ্ভৰশীলতা, মানৰ অভাৱ, স্থানীয় ব্যৱসায়ৰ ক্ষতি আৰু অপ্রয়োজনীয় খৰচ সমাজৰ বাবে চিন্তাজনক।

ARTICLE

Sagar Songom

8/17/20251 min read

মানুহৰ জীৱনধাৰা দিনক দিন পৰিৱৰ্তন হৈ পৰিছে। আমি সৰুৰ পৰাই পঢ়ি আহিছিলো, আমি মানুহবোৰ স্বনিৰ্ভশিল। কিন্তু কেতিয়াবা ভাবিলে এনেকুৱা লাগে যেন আমি লাহে লাহে পৰনিৰ্ভলশিল হৈ পৰিছো। কথাটো শুনিবলৈ কোনোবাখিনিত আচহুৱা যেন লাগিলেও ভাবিলে হয়তো আপুনিও মোৰ দৰে একেই উত্তৰে বিচাৰি পাব। আমি এতিয়া ইন্টাৰনেট আৰু অনলাইন স্বপিং এপবোৰৰ প্ৰতি ইমানেই নিৰ্ভৰশিল হৈ পৰিছো যে, ঘৰৰ বা আমাৰ দৈনন্দিন প্ৰয়োজনীয় যি সামগ্ৰী সেইবোৰ ক্ৰয় কৰিব বাবেও আমি বজাৰলৈ যোৱাৰ সলনি হাততে থকা মোবাইলটোৰ সহায় লৈছো।

পূৰ্বে মানুহ নিজে বজাৰলৈ গৈ প্ৰয়োজনীয় সামগ্ৰী কিনি আনে, গাওঁ বা চহৰৰ কোনো হাট-বজাৰত দিনটোৰ কষ্টৰ পিছত দৰদাম কৰি সামগ্ৰী ক্ৰয় কৰাৰ এটা সাধাৰণ অভ্যাস আছিল। কিন্তু আজিকালি সময় সলনি হৈছে। প্রযুক্তিৰ বিকাশ আৰু ডিজিটেল পদ্ধতিত এইবোৰ সকলো সহজ হৈ পৰাৰ বাবেই মানুহ স্বনিৰ্ভৰশীৰ পৰা লাহে লাহে অনলাইন নিৰ্ভৰশীল হৈ পৰিছে। হয়তো এনে হবলৈ আমাক সময় আৰু পৰিস্থিতিয়ে বাধ্য কৰাইছে।

বিশেষকৈ যেতিয়া Amazon, Flipkart, Myntra, Meesho, Ajio আৰু বৰ্তমান নতুনকৈ সংযোজন হোৱা ১০ মিনিটৰ ভিতৰত ডেলিভাৰি দিয়া Blinkit, Instamart আদিৰ দৰে অনলাইন শ্বপিঙ এপ সহজে হাতত উপলব্ধ, তেতিয়া মানুহে ঘৰত বহিয়েই দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে। কেৱল এইয়াই নহয় আপোনাৰ যদি কেতিয়াবা ঘৰৰ খদ্যখায় আমনি লাগিছে, কিন্তু হোটেল বা ৰেষ্টুৰেন্টত গৈ খাবলৈও মন যোৱা নাই, তেন্তে তাৰ বাবেও আপোনাৰ হাতত থকা এই মোবাইলতোতে ব্যৱস্থা আছে। Swiggy, Zomato আদিৰ দৰে এপৰ সহায়ত আপুনি ঘৰতে বহি খাদ্য অৰ্দাৰ কৰি খাব পাৰে। সময়ৰ লগত প্ৰযুক্তি ইমানেই আগুৱাই হৈছে যে, এই পৰিৱৰ্তনে মানুহক সহায় কৰিছে, ঠিক তেনেকৈ চিন্তাটো পেলাইছে।

আমি এই প্ৰবন্ধত ইয়াৰে ভাল দিশ, বেয়া দিশ দুয়োটাই আলোচনা কৰিম। প্ৰথমে আহকচোন আমি ইয়াৰ ভাল দিশ সমূহ আলোচনা কৰো-

অনলাইন শ্বপিঙৰ ভাল দিশ

  1. সময় সঞ্চয়
    আজিৰ যুগত সময়েই আটাইতকৈ মূল্যবান। অনলাইন শ্বপিঙৰ অন্যতম সৰ্বশ্ৰেষ্ঠ দিশ হৈছে ইয়াৰ দ্বাৰা সময়ৰ সঞ্চয় হয়। বজাৰত বহুত দূৰ যোৱা, ভিৰত সময় নষ্ট কৰা বা গাড়ী-ৰিক্সাত খৰচ কৰাৰ প্ৰয়োজন নাই। মোবাইল বা কম্পিউটাৰ খুলি কেইমিনিটৰ ভিতৰতে প্ৰয়োজনীয় সামগ্ৰী সমূহ ক্ৰক কৰিব পাৰো।

  2. অসীম বাছনি আৰু সুবিধা
    এখন দোকানত যিমান সামগ্ৰী পোৱা যায়, অনলাইন প্লেটফৰ্মত তাৰ দশগুণ অধিক সামগ্ৰী সহজে উপলব্ধ। ৰঙৰ, মাপৰ, ডিজাইনৰ বা ইয়াৰ ভিন্নতা চাই গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি সঠিক বস্তু বাছি ল’ব পাৰে।

  3. ডিছকাউণ্ট আৰু অফাৰ
    অনলাইন এপবোৰত প্রায় প্ৰতিদিনে বিশেষ অফাৰ, কুপন বা ফ্লেশ চেল উপলব্ধ হয়। অফলাইন দোকানত যি সামগ্ৰী সাধাৰণ মূল্যত কিনিব লগা হয়, সেই একেই বস্তু অনলাইনত বহু কম দামত ক্ৰয় কৰিব পাৰি।

  4. হোম ডেলিভাৰী
    অনলাইন শ্বপিঙৰ সৰ্বাধিক আকর্ষণীয় দিশ হৈছে “হোম ডেলিভাৰী”। বজাৰলৈ গ’লে সামগ্ৰী নিজে বহন কৰিব লগা হয়। কিন্তু অনলাইনত অর্ডাৰ দিলে সেই বস্তু নিদিষ্ট দিনত আহি ঘৰৰ দুৱাৰতে দি যায়। যাক আমি হোম ডেলিভাৰী বুলি কওঁ।

  5. ৰিভিউ আৰু ৰেটিং ব্যৱস্থা
    অনলাইন প্লেটফৰ্মত গ্ৰাহকে কেনা সামগ্ৰীৰ বিষয়ে ৰিভিউ লিখিব পাৰে। নতুন গ্ৰাহকে সেই মন্তব্য পঢ়ি সামগ্ৰীৰ গুণগত মান বুজি অর্ডাৰ কৰিব পাৰে।

অনলাইন শ্বপিঙৰ বেয়া দিশ

  1. অতিৰিক্ত নিৰ্ভৰশীলতা
    অনলাইনত সকলো সামগ্ৰী সহজে উপলব্ধ হোৱাত মানুহে নিজে বজাৰত নাযায়। এইদৰে চলিলে মানুহৰ স্বনিৰ্ভৰশীলতা কমি যায় আৰু সকলো কাৰ্য্যতে “ডিজিটেল মাধ্যম”ৰ ওপৰত নির্ভৰশীল হৈ পৰে।

  2. গুণগত মানৰ অনিশ্চয়তা
    ছবিত যি সামগ্ৰী দেখা যায়, বাস্তৱত সেইটো একেবাৰে একে নহয়। প্ৰায় সময়তে অর্ডাৰ কৰা সামগ্ৰী মানসন্মত নোহোৱা বা ছবিতকৈ বেলেগ হোৱাৰ অভিযোগ উঠে।

  3. ফ্ৰড আৰু স্কেমৰ ভয়
    নকল এপ, ভুৱা ৱেবচাইট বা ভুৱা বিক্ৰেতাৰ দ্বাৰা বহু লোক অনলাইন এপত ক্ৰয় কৰি থগ খোৱা তথ্যও আমি বহু শুনিবলৈ পাওঁ। লেনদেনৰ সময়ত ব্যক্তিগত তথ্য চুৰি হোৱাৰো সম্ভাৱনাও থাকে।

  4. অতিৰিক্ত খৰচ কৰাৰ অভ্যাস
    অনলাইন শ্বপিঙে সহজতে “প্ৰয়োজন নোহোৱা সামগ্ৰী”ও কেনিবলৈ প্ৰেৰণা দিয়ে। একেদৰে অফাৰ আৰু চেল চকুত পৰি মানুহে বাজেটতকৈ অধিক খৰচ কৰে।

  5. স্থানীয় ব্যৱসায়ৰ ক্ষতি
    অনলাইন প্লেটফৰ্মত সকলো সামগ্ৰী সহজে পোৱাত স্থানীয় দোকান আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে গ্ৰাহক হেৰুৱাইছে। ফলত স্থানীয় অৰ্থনীতিত প্ৰভাৱ পৰা দেখা গৈছে।

  6. স্বাস্থ্যজনিত সমস্যা
    বজাৰলৈ যোৱাটো আমাৰ বাবে এটা সময়ত শাৰীৰিক ব্য়ামৰ দৰে আছিল। কিন্তু অনলাইনত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰম্ভ কৰাৰ পৰা আমি হয়তো বেছি এলেহুৱা হৈ পৰিছো। যাৰ ফলতো আমাৰ শাৰীৰিক ভাৱে বহু সমস্যা হোৱা দেখা হৈছে।

সামাজিক প্ৰভাৱ

মানুহৰ মাজত অনলাইন শ্বপিঙৰ অভ্যাসে এক ধৰণৰ সামাজিক বিচ্ছিন্নতা সৃষ্টি কৰিছে। পূৰ্বে বজাৰত গৈ পৰিয়ালৰ মানুহ বা পৰিচিতসকলৰ সৈতে আলাপ–আলোচনাত মিলিত হোৱা দেখা গৈছিল। কিন্তু এতিয়া সকলো কাম ডিজিটেল স্ক্ৰীনৰ মাজেৰে সম্পন্ন হোৱাত মানুহৰ মাজত সামাজিক যোগাযোগ কমি গৈছে।

আগবঢ়োৱা সমাধান

  1. সমতা ৰক্ষা কৰক – সকলো সামগ্ৰী অনলাইনত কিনিব নালাগে। দৈনন্দিন সামগ্ৰী স্থানীয় দোকানৰ পৰা কিনিলে স্থানীয় ব্যৱসায় সমূহ বাচি থাকিব।

  2. প্ৰয়োজনীয় সামগ্ৰীহে কিনক – অফাৰত পৰি অপ্রয়োজনীয় খৰচ এৰাই চলক।

  3. বিশ্বাসযোগ্য এপ ব্যৱহাৰ কৰক – মাথোঁ প্ৰসিদ্ধ আৰু সুৰক্ষিত এপ বা ৱেবচাইটতহে কিনা-বেচা কৰক।

  4. ৰিভিউ পঢ়ি অর্ডাৰ কৰক – আন গ্ৰাহকৰ অভিজ্ঞতা পঢ়ি সিদ্ধান্ত লওক।

  5. শাৰীৰিক চঞ্চলতা বজাই ৰাখক – অনলাইনত অতিৰিক্ত নির্ভৰ নকৰি অফলাইনত কিনা-বেচা কৰক আৰু সামাজিক সম্পৰ্কো অটুট ৰাখক।

উপসংহাৰ

অনলাইন শ্বপিঙে আমাৰ জীৱনটো অতি সহজ আৰু সুবিধাজনক কৰি তুলিছে। সময়, পইচা আৰু কষ্ট বচোৱাৰ লগতে আধুনিক সমাজৰ ডিজিটেল উন্নয়নৰ প্রতীক হিচাপে অনলাইন নিৰ্ভৰশীলতা বুজিব পাৰি। তথাপি ইয়াৰ বেয়া দিশসমূহো অস্বীকাৰ কৰিব নোৱাৰি। অতিৰিক্ত নিৰ্ভৰশীলতা, মানৰ অভাৱ, স্থানীয় ব্যৱসায়ৰ ক্ষতি আৰু অপ্রয়োজনীয় খৰচ সমাজৰ বাবে চিন্তাজনক।

সেয়ে আমাৰ দায়িত্ব হৈছে অনলাইন শ্বপিঙৰ সুবিধা ভোগ কৰাৰ লগতে ইয়াৰ অপকাৰিতাৰ পৰা বাচি চলা। অফলাইন আৰু অনলাইন ক্ৰয়ৰ মাজত সঠিক সমতা ৰাখিলে, আমি একেদৰে আধুনিক আৰু সমৃদ্ধ জীৱন উপভোগ কৰিব পাৰিম।