সেই বাটেৰেই আহে ব'হাগ
বুদ্ধেশ্বৰৰ লগতে ল’ৰা দুটাইও গা ধুই ভিতৰলৈ সোমাইছে। বুদ্ধেশ্বৰৰ ঘৈনিয়েকে তেওঁলোকৰ বাবে নতুন কাপোৰ কেইজোৰ বিচনাতে উলিয়াই থৈছে। সকলোৱে আহি নিজৰ নিজৰ কাপোৰ পিন্ধিবলৈ লৈছে। সৰুটো পুতেকে জাপি থোৱা লং পেন্টটোৰ বুটামতো খুলিব নোৱাৰি কাকো একো মাত নিদি মাকৰ ওচৰলৈ দৌৰিছে। বুদ্ধেশ্বৰ আৰু ডাঙৰটো ল’ৰাই একো বুজিব নোৱাৰি তালৈ অবাক হৈ চাইছে।
গল্প
Sagar Songom
4/5/2025
চাওঁতে চাওঁতে দিনবোৰনো কেনেকৈ পাৰ হৈছে, তলকিবই নোৱাৰা হৈছো। কেনেকৈনো চকুৰ পচাৰতে এটা বছৰ শেষ হ’ল মনিবকে নোৱাৰিলোঁ।
কাইলৈ গৰু বিহু। সেইবাবে ধৰনিক আধিলৈ পুহিবলৈ দিয়া গৰু কেইটা ঘৰলৈ নিবৰ বাবে বুদ্ধেশ্বৰ ধৰণিৰ ঘৰলৈ আহিছে। বুদ্ধেশ্বৰ আহোতে ধৰনিৰ গৰু কেইটাৰ বাবেও নতুন পঘা কেইডালমান লৈ আহিছে। বুদ্ধেশ্বৰে ভিতৰলৈ নোসোমাও বুলি কোৱাত ধৰনিৰ ঘৈনিয়েকে বুদ্ধেশ্বৰক বহিবৰ বাবে চোতাললৈকে প্লাষ্টিকৰ চকীখন উলিয়াই দিলে। বুদ্ধেশ্বৰ বহো-নবহোকৈ চকীখনত বহিলে। চকীখনৰো অৱস্থা ইমান এটা ভাল নহয়। চকীখনৰ খুটা কেইটাত একোডালকৈ বাঁহৰ কামিৰে বান্ধি থৈছে। সন্মুখত বহি থকা ধৰনিৰ গাতে লাগি ধৰনিৰ পুতেক সোন্তিয়ে বুদ্ধেশ্বৰলৈ চাই সেমেনা সেমেন কৰি থকা দেখি বুদ্ধেশ্বৰে তাকো ওচৰলৈ মাতি বিহু বুলি জেপৰ পৰা টকা কেইটামান উলিয়াই তাৰ হাতত গুজি দিলে। সৰু ল’ৰাটোৱে লওঁ-নলওঁ ভাৱত আছিল যদিও বুদ্ধেশ্বৰে যোৰ কৰাত আৰু বাপেকে ল’বলৈ কোৱাত সি টকা কেইটা ল’লে।
পাকঘৰত ধৰনিৰ ঘৈনিয়েকে বাৰে বাৰে নুমায় যোৱা জুই কুৰা ফুঁৱাই ফুঁৱাই বুদ্ধেশ্বৰৰ বাবে চাহৰ যোগাৰ কৰিছে। বিহুৰ পিঠা বনাওঁতে শুকাণ খৰিবোৰ প্ৰায় শেষ হোৱাৰ দৰেই। এতিয়া আধা কেচা খৰিকেইডাল জ্বলিবলৈকে মন নকৰে। বেচেৰিয়ে জুই কুৰা ফুঁৱাওতে ফুঁৱাওতে চকুত এডুঙা পানী আহি গোট খাইছে। কিন্তু কেঁচা খৰিৰ জুই নজ্বলেহে নজ্বলে।
চোতালত ধৰনি আৰু বুদ্ধেশ্বৰে গৰু আৰু খেতিৰ কথা পাতিছে। ধৰনিৰ কান্ধতে হাত থৈ পুতেকে অকঁৰাৰ দৰে সকলোবোৰ শুনি আছে। ধৰনিৰ ঘৈনীয়েকে কাহী এখনতে দুকাপ চাহ আৰু এখন প্লেটত কেইটামান পিঠা লৈ চোতললৈ ওলাই আহিলে।
আনফালে বুদ্ধেশ্বৰৰ ঘৰত বুদ্ধেশ্বৰৰ সৰুটো পুতেকৰ গাত তত নাই। ঘৰলৈ গৰু আনিব, পুৱাই সোনকালে উঠি নদীত গৰু গা ধুৱাবলৈ নিব। গৰুৰ গাত লাও-বেঙেনা মাৰিব। ঢেঁকী শালত পিঠা খুন্দি থকা মাক-পেহীয়েকৰ ওচৰলৈ আহি সি লাও-বেঙেনা কাটি দিবলৈ শান্তি নোহোৱা কৰিছে। ককায়েকে তাক বুজাইছে যদিও সি নুবুজে। তাক বুলে লাও-বেঙেনা এতিয়াই কাটি দিব লাগে। সৰু ল’ৰাৰ মন, কিনো কৰিব এতিয়া।
ধৰনিয়ে পথাৰত এৰাল দি থোৱা গৰুবোৰৰ মাজৰ পৰা বুদ্ধেশ্বৰৰ গৰু কেইটা ঘৰলৈ আনিলে। বুদ্ধেশ্বৰে গৰু কেইটা দেখিয়েই বহাৰ পৰা উঠি গৰু কেইটাৰ ওচৰলৈ আগুৱাই গৈ পদুলিৰ পৰাই গৰু কেইটাক ঘৰলৈ নিয়াৰ কথা ধৰনিক কোৱাত ধৰনিয়ে গৰুৰ এৰালডাল চুটি কৰি দিলে। বুদ্ধেশ্বৰে ধৰনিৰ পৰা এৰালডাল আৰু এচাৰি ডাল নিজৰ হাতলৈ ললে।
চোতালতে ৰৈ থকা ধৰনিৰ পুতেক সোন্তিয়ে দৌৰি আহি পদূলীত ৰৈ থকা গৰু কেইটাৰ গাত হাত ফুৰালে। বাপেকে তাক বুজালে, “গৰু কেইটা কাইলৈ আকৌ দি যাবহি।” বুদ্ধেশ্বৰেও একেই কথাকে ক’লে। কিন্তু তথাপিতো তাৰ মনতো সেমেকিয়েই থাকিল। পুৱা শুই উঠাৰে পৰা তাৰ এই গৰু কেইটাৰ লগত সম্পৰ্ক। এনেকৈ আনে গৰু কেইটা লৈ যোৱাটো সি একেবাৰে হয্য কৰিব পৰা নাই।
বুদ্ধেশ্বৰে গৰু কেইটা লৈ আগুৱাবলৈ ধৰিলে। ধৰনি আৰু সোন্তিয়ে পদূলীতে ৰৈ একেথৰে গৰু কেইটা লৈ যোৱা চাই ৰৈছে। বুদ্ধেশ্বৰে গৰু কেইটা লৈ গৈ থাকোতেই কিবা এটা ভাবি ৰৈ গ’ল আৰু ধৰনিক ওচৰলৈ মাতিলে। ধৰনিয়ে সোন্তিক পদূলীতে ৰাখি বুদ্ধেশ্বৰৰ ওচৰলৈ গ’ল।
বুদ্ধেশ্বৰে জেপৰ পৰা টকা কেইটামান উলিয়াই ধৰনিৰ ফালে আগুৱাই দিলে। ধৰনিয়ে টকা কেইটা লওঁ-নলওকৈ বুদ্ধেশ্বৰৰ মুখলৈ চালে। ‘কিনো সৰু ল’ৰাৰ দৰে মুখলৈ ভেবা লাগি চাই আছ? বিহু বুলি কিবা এটা লবি আৰু ল’ৰা-বোৱাৰীকো কিবা এটা দিবি। হু, ল।’—কথাষাৰ কৈ বুদ্ধেশ্বৰে টকা কেইটা তাৰ ফালে আৰু অলপ আগুৱাই দিলে। ধৰনিয়েও লও-নলওকৈ টকা কেইটা ল’লে। ঘৰৰ পদূলীতে ৰৈ সোন্তিয়ো সকলোবোৰ চাই আছিল। বাপেকে টকা কেইটা লোৱা দেখি সোন্তিয়ে গৰু কেইটা বিক্ৰী কৰা বুলি ভাবি মনৰ বেজাৰত পদূলী মূৰৰ পৰা ঘৰৰ ভিতৰলৈ বুলি দৌৰিলে।
*******************
বুদ্ধেশ্বৰে গৰু কেইটা লৈ পদূলীৰ মুখ পালে কি নাপালে বুদ্ধেশ্বৰৰ সৰুটো পুতেকে গৰু কেইটা দেখি সিহঁতৰ ওচৰলৈ দৌৰি আহিলে। ল’ৰাটো দৌৰি অহা দেখি গৰু কেইটাই শিং জোকাৰিলে। গৰুৱে শিং জোকাৰা দেখি আকৌ গৰু কেইটাকলৈ উৎকণ্ঠাত থকা ল’ৰাটোৱে ভয়তে ঠাইতে ৰৈ গ’ল। তাকে দেখি সকলোৱে হাঁহিবলৈ ধৰিলে। আৰু গৰু কেইটা যিমানেই ঘৰৰ ফালে আহিছে, সি সিমানেই কান্দিছে।
বুদ্ধেশ্বৰে গৰু কেইটা আনি ভঁৰালৰ তলতে বান্ধিলে। বুদ্ধেশ্বৰৰ পিছে পিছে ল’ৰাটোৱে ঘূৰি ঘূৰি গৰু কেইটাক চাইছে। সি মনতে ভাবিছে —“এনেকৈ হ’লে সি কাইলৈ গৰু কেইটাক কেনেকৈ গা ধুৱাব, কেনেকৈ লাও-বেঙেনা মাৰিব! যদি লাও-বেঙেনা মাৰোতে তাক আহি খুচি দিয়ে, তেতিয়া!” কথাবোৰ মনতে ভাবি সি ভয়েতে উচপ খাই উঠাৰ দৰে হৈছে। তাৰ মনত কোনেও নজনাকৈ এখন চিন্তাৰ পাহাৰ গঢ় লৈ উঠিছে।
আনফালে সোন্তিক ঘৰত ধৰনি আৰু মাকে গৰু কেইটা বিক্ৰী নাই কৰা বুলি কৈও বুজাব পৰা নাই। সি নামানে। সি সকলো দেখিছে, সকলো বুজিছে। সি এতিয়া সৰু ল’ৰা নহয়। তাক বুজাব নালাগে।
*******************
ৰাতিতো ধৰণিৰ পুতেক শুৱা নাই। তাক ধৰণিয়ে বাৰে বাৰে কথাবোৰ বুজাইছে যদিও সি একেবাৰেই কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। সোন্তিয়ে কথাবোৰ নুবুজাত ধৰণিৰ খং উঠিছে। কিন্তু দেউতাকৰ খংলৈ সি অলপো কেৰেপ কৰা নাই।
আনফালে বুদ্ধেশ্বৰৰ পুতেকেও শুৱা নাই। কিন্তু তাৰ চিন্তা সোন্তিতকৈ বহুত পৃথক। তাৰ মাত্ৰ এটাই চিন্তা কাইলৈ ৰাতিপুৱা গৰু কেইটাক সি কেনেকৈ গা ধুৱাব! গা-ধুৱাবলৈ যাওঁতে যদি তাক গৰু কেইটাই খুঁচিবলৈ আহে, তেতিয়া সি কি কৰিব! সি এতিয়া কাইলৈ ৰাতিপুৱা গৰু কেইটাক গা-ধুৱাবনে নুধুৱাব। গৰু কেইটা আনিবলৈ যোৱাৰে পৰা সি লাওঁ-বেঙেনা বিচাৰি ইমান উৎপাত কৰাৰ পিছত সি কাইলৈ গৰু গা ধুৱাবলৈ নগলে তাক বাৰু সকলোৱে ভয়াতুৰ বুলি কব নেকি! মনত তাৰ অলেখ প্ৰশ্ন। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি নাপায় সি বাৰে বাৰে বাগৰ সলাইছে। আকৌ এফালে মাক-দেউতাক সাৰ পাব বুলি ভয়ো কৰিছে।
*********************
পুৱা সোনকালেই শুৱাৰ পৰা উঠি বুদ্ধেশ্বৰৰ লগত পুতেক দুটা গৰু গা-ধুৱাবলৈ বুলি ওলাই গৈছে। সৰুটো পুতেক গৰু কেইটাৰ পৰা অলপ আঁতৰি আঁতৰি আছে। ডাঙৰটোৱে সৰুটোক কৈছে- “সোনকালে আহ আকৌ।”
“গৈছো নহয়। ব’লচোন।”- সৰুটোৱে অলপ খংত কোৱাৰ দৰেই কৈছে। আৰু নকবইনো বা কিয়। বয়স চাগে তাৰ খুব বেছি ৬-৭ বছৰ। তাতে কালি গৰু কেইটাই ঘৰলৈ আহিয়েই তাক তেনেকৈ শিঁং জোকাৰি দেখাইছে। এতিয়া তাৰ মনেহে জানিছে, সি কেনেকৈ গৰু গা-ধুৱাবলৈ আহিছে। তথাপিতো যে সি গৰু কেইটাৰ পিছে পিছে দুখন হাতত দুডাল চাট লৈ সিহঁতৰ লগত গা-ধুৱাবলৈ আহিছে সেইয়াই যথেষ্ট হৈ পৰিছে এতিয়া।
সোন্তিৰ মন ভাল নহয়। ধৰণিৰ লগত সি এতিয়া ঘৰত থকা গৰু কেইটাক গা-ধুৱাবলৈ গৈছে যদিও , তাৰ একেবাৰে মন ফৰকাল নহয়। কেনেকৈনো হব, লগৰ কেইটামান গৰুক সি এতিয়া গা ধুৱাব আৰু বাকি কেইটা গৰুক নি-বা এতিয়া তেওঁলোকে কেনেকৈ ৰাখিছে, কিয় বা নিছে, সিটো এইবোৰ কথা একোৱেই নাজানে। সি মাত্ৰ দেখিছে, গৰু কেইটা নিয়াৰ বিনিময়ত সেই মানুহজনে বাপেকৰ হাতত কেইটামান টকা তুলি দিছে।
********************
নদীৰ ঘাটে-ঘাটে গৰুবোৰক নদীত নমাইছে। কিছুমানে আকৌ গৰুৰ লগতে নিজেও পানীত নামিছে। গৰুবোৰৰ গাত মাহ-হালধী সানিছে, পানীৰে গা-ধুৱাইছে। কিছুমানে যদি গা-ধুৱাইছে আকৌ কিছুমানে গা-ধুৱাই আনি নদীৰ পাৰলৈ তুলি গাত লাও-বেঙেণা মাৰিছে আৰু সমানে সমানে কৈছে- “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু।”
হঠাতে নদীৰ পাৰতে এটা উলহ-মালহৰ পৰিবেশ। এইবোৰ কাৰ্যৰ মাজতে কোনোৱে আকৌ বিহুৰ যোজনা এফাকিকে গাইছে যদি আকৌ কোনোৱে বিহু নামকে এফাকি গাইছে। সকলোৰে মনবোৰত বিহুৰ উলাহে আৱৰি ধৰিছে।
সকলোৱে গৰুবোৰক মুকলি পঠাৰত এৰি দি উলাহেৰে ঘৰলৈ বুলি উভতিছে। ধৰণি আৰু সোন্তিও ঘৰলৈ ঘূৰিছে। সকলোৰে ইমান উলাহৰ মাজতো সোন্তিৰ ৭-৮ বছৰীয়া শৰীৰতোক যেন এই উলাহে চুব পৰা নাই। তাৰ বয়সৰ ল’ৰাবোৰৰ মাজতো সি নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে।
ধৰণিৰ পিছে পিছে সোন্তিও আহো-নাহো খোজেৰে ঘৰলৈ আহিছে। ধৰণিয়ে বাৰে বাৰে পিছলৈ ঘূৰি তালৈ চাইছে। কিন্তু সি সেইবোৰ একো মন নকৰি মুখ ফুলাই একান্তমনে একেটা খোজৰ গতিতে ধৰণিৰ পিছে পিছে আহি আছে।
********************
বুদ্ধেশ্বৰৰ লগতে ল’ৰা দুটাইও গা ধুই ভিতৰলৈ সোমাইছে। বুদ্ধেশ্বৰৰ ঘৈনিয়েকে তেওঁলোকৰ বাবে নতুন কাপোৰ কেইজোৰ বিচনাতে উলিয়াই থৈছে। সকলোৱে আহি নিজৰ নিজৰ কাপোৰ পিন্ধিবলৈ লৈছে। সৰুটো পুতেকে জাপি থোৱা লং পেন্টটোৰ বুটামতো খুলিব নোৱাৰি কাকো একো মাত নিদি মাকৰ ওচৰলৈ দৌৰিছে। বুদ্ধেশ্বৰ আৰু ডাঙৰটো ল’ৰাই একো বুজিব নোৱাৰি তালৈ অবাক হৈ চাইছে।
*********************
সোন্তি গা ধুই ভিতৰলৈ সোমাইছে। গামোচা খনেৰে মাকে তাৰ গা-মূৰ মোহাৰি ধৰণিয়ে বহি বুলি দেওবৰিয়া বজাৰৰ পৰা আগতিয়াকৈ আনি থোৱা স্পৰ্টিং আৰু হাফ-পেন্টটো মাকে আনি তাক পিন্ধাই দিলে।
কাপোৰজোৰ পিন্ধাৰ পিছত সি কাপোৰজোৰলৈ ভালকৈ চাইছে। মাকে আঁতৰৰ পৰাই তাৰ চাল চলনবোৰ চাই মিচিকিয়াই হাঁহি এটা মাৰি পাকঘৰলৈ ফালে সোমাই গ’ল।
সি নতুন কাপোৰজোৰ আৰু বেছি সময় পিন্ধি থাকিব নোৱাৰে। কাৰণ অলপ পিছতেই লগৰবোৰৰ লগত হুচৰি গাবলৈ যাব লাগিব। আজিৰ পৰাই সিহঁতে হুচৰি আৰম্ভ কৰিব। গাঁৱত মানুহৰ ঘৰ বহুত। স্কুল বন্ধ থকা দিন কেইটাতে যদি গাঁওখনত হুচৰি মাৰি শেষ কৰিব নোৱাৰে, তেন্তে পিছত সিহঁতৰেই অসুবিধা হ’ব। তাতে আকৌ এইবাৰ সিহঁতে গাওঁৰ ওচৰৰ গাওঁকেইখনৰ কিছুমান মানুহৰ ঘৰলৈও হুচৰি গাবলৈ যোৱাৰ কথা ভাবিছে।
সি অলপ সময় কাপোৰজোৰৰ লগত নিজকে চাই মাকৰ ওচৰলৈ গৈ হুচৰি গাবলৈ যাবৰ বাবে গামোচা আৰু ধূতি ওলিয়াই দিবলৈ ক’লে। মাকেও কালিৰ পৰা এতিয়াহে তাৰ মাতষাৰ ভালকৈ শুনিবলৈ পাছে। নহ’লেতো কালি আবেলি বুদ্ধেশ্বৰে গৰু কেইটাৰ লগতে তাৰ মাতষাৰো লগতে লৈ যোৱাৰ দৰে অৱস্থা হৈছিল। মাকে মৰমেতে তাক চুমা এটা খালে। সিওঁ একো বুজিব নোৱাৰি মাকৰ মুখলৈ অঁকৰাৰ দৰে হৈ চালে।
*********************
বিহুৰ দিনটোত সৰুৱে ডাঙৰক সেৱা জনোৱা প্ৰথা এটা তাহানিৰে পৰা চলি আহিছে। আজিও সেই একেি প্ৰথা অৱলম্বন কৰিয়েই বুদ্ধেশ্বৰৰ পুতেক দুটাই মাকে বটা এটাত গামোচাখনৰ হৈতে গুৱা-পানশালী লৈ বুদ্ধশ্বৰৰ ওচৰলৈ গৈছে।
বুদ্ধেশ্বৰে সৰুটো পুতেকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিদিয়াত সি অলপ আগতে হৈ যোৱা ঘটনাতো আৰু গৰুকেইটাক গাধুৱাবলৈ ইমান আগ্ৰহে ৰৈ থকাৰ পিছত গা-ধুৱাবলৈ ইচ্ছা প্ৰকাশ নকৰা কথাবোৰৰ বাবে সি দেউকাতলৈ অলপ লাজ কৰি আছে। কেৱল দেউতাকলৈয়ে নহয়, সি ঘৰৰ প্ৰত্যেকলৈকে এতিয়া লাজ কৰিছে। কৰিবই…, নকৰিবইনো বা কিয়…। গৰুকেইটা ঘৰলৈ অহাৰ আগতে ইমান আগ্ৰহ প্ৰকাশ কৰি থকা ল’ৰাটোৰ হঠাতে মনতো সলনি হৈ যোৱা কথাটো চাগে সকলোৱে লক্ষ্য কৰিছে। তাতে আকৌ গৰুকেইটাই সকলোৰে আগতে তাক শিঁং যোকাৰি ভয় খোৱাইছে।
ডাঙৰটো পুতেকে প্ৰথমে গৈ বুদ্ধেশ্বৰক সেৱা জনাইছে। সৰুটোৱে আঁতৰতে ৰৈ মেহেঙা-মেহেঙ কৰি আছে। তাকে দেখি আকৌ পেহীয়েকে তাৰ ওচৰত আহি ক’লে- “দেহা…, যা আকৌ…। দেতাক সেৱা কৰি আহ…।”
“যাম নহয়।”-সি পেহীয়েকক কথাষাৰ যাঙুৰ খাই কোৱাৰ দৰেই কলে।
তাৰ মনলৈ সেই সময়ত এনে ভাৱ আহিল যেন। তাক পেহীয়েকে আহি থাট্টাহে কৰি গৈছে।
এতিয়া সিহে বুজিছে, তাৰ এই সৰু মনটোলৈ কিমান কি ভাৱ আহিছে।
সেমেনা সেমেনি কৰিয়েই সি দেউতাকৰ ওচৰতগৈ সেৱা কৰিলে। দেউতাকেও তাক ধেমালী কৰিয়েই তাক আশীৰ্বাদৰ শেষত ক’লে- “ভগৱানে শক্তি দিয়ক, অহাবছৰ যাতে গৰুকেইটাক ভালকৈ গা ধোৱাবলৈ শক্তি আৰু সাহস হয়।”
দেউতাকে কথাষাৰ কোৱা লগে লগেই সি সেৱা কৰাৰ পৰা উঠি দেউতাকলৈ অলপ খংত চোৱাৰ দৰে কৰি দেউতাকৰ ওচৰৰ পৰা আঁতৰি যায়।
তাৰ খং আৰু অভিমানৰ সংমিশ্ৰণটো দেখি বুদ্ধেশ্বৰ আৰু ডাঙৰটো পুতেকে হাঁহিলে। আৰু তেওঁলোকে হঁহা দেখি তাৰ খংটো আৰু দুগুণে বাঢ়ি যায়।
**************************
ধৰণি আৰু সোন্তি জলপান খাবলৈ বহিছে। সোন্তি আৰু ধৰণি দুয়ো নিমাত হৈ জলপান খোৱাত ব্যস্ত। কাৰো মাতবুল নাই। এপাকত সোন্তিৰ মাকে আহি ধৰণিত ইঙ্গিতেৰেই ধৰণিক সোন্তিৰ কথাবোৰ কৈ যায়। আৰু ধৰণিয়ে জলপান খোৱাৰ মাজতে সোন্তিক মাত দিয়ে- “আজি নহ’লে বিহু মাৰিবলৈ যাব নালাগে। কাইলৰ পৰাই যাবি।”
“সকলোৱে আজিৰ পৰাই হুঁচৰি গোৱাৰ সিদ্ধান্ত লৈছে। মই অলকে নোযোৱাকৈ থাকিলে সকলোৱে বেয়া পাব। আৰু এইবাৰ বোলে হুঁচৰি গাবলৈ নগলে ফাইন ভৰিব লাগিব।”- সোন্তিয়ে জলপান খোৱাৰ পৰা মূৰ নদঙাকৈয়ে ধৰণিক উত্তৰ দিলে।
“হ’ব দিবি আকৌ। এদিনহে”- ধৰণিয়ে ক’লে।
“এদিনৰো মই ফাইন ভৰিব নোৱাৰো। মোৰ দৰে যদি সকলোৱে এদিন এদিন নোযোৱাকৈ থাকে, তেন্তে হুঁচৰি মাৰিবলৈ ল’ৰা থাকিব কেইটা?”- সি উত্তৰ দিলে।
সৰু ল’ৰাটোৰ উত্তৰত এতিয়া দেউতাক ধৰণিয়ে কি ক’ব একো ভাবি নাপালে।
আচলতে তাৰ কথাষাত প্ৰতুত্তৰ দিব পৰাকৈ ধৰণিৰ ওচৰত একো বাক্যই নাছিল। কণমাণি সোন্তিয়ে দেউতাকক যেন উত্তৰ কালৰ বাবে এটা প্ৰশ্ন সোমোৱাই দিলে মনত। সকলোৱে যদি এদিন এদিনকৈ এনেদৰে আমাৰ সংস্কৃতিৰ পৰা ওলাই গৈ থাকে, তেন্তে আমাৰ এই হুঁচৰি নামৰ আপোৰোগিয়া সম্পদটো কোনে ধৰি ৰাখিব…!
সকলোবোৰ এতিয়া সাঁথৰ সাঁথৰ লগা যেন প্ৰশ্ন। সময়ৰ লগত দৌৰাৰ প্ৰতিযোগিতাত যেন আমি নিজকে বিচাৰি পোৱাত ব্যৰ্থ।