Words That Inspire, Stories That Transform
নিৰৱ প্ৰতিশোধক: শিখণ্ডী//অধ্যায়-১//অম্বা: শিখণ্ডীৰ আদিপাঠ-কাশীৰ স্বয়ম্বৰ
কাশীৰ তিনিগৰাকী কন্যাকে ৰাসপ্ৰসাদৰ দীঘল কৰিজৰটোৰে উলহমালহেৰে আগুৱাই অনা হ’ল। তেওঁলোকৰ সন্মানত প্ৰহৰীসকলে মাৰ্বলৰ মজিয়াত যাঠীৰে আঘাত কৰি শব্দ কৰিলে।
SPIRITUALITYউপন্যাস
সাগৰ সংগম দিহিঙীয়া
6/21/20261 min read


পাতনী
"বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভ।
নিৰ্বিঘ্নং কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা॥"
মহাভাৰত…,
মহাভাৰত মহাকাব্য কেৱল এক কাব্যিক গ্ৰন্থ বা কাহিনী নহয়…। ই হৈছে ইতিসাহ। যি ইতিসাহ মহৰ্ষি বেদব্যাসৰ কথাত শ্ৰীগণেশে লিখি সম্পূৰ্ণ কৰিছিল। মহাভাৰত এনে এক ইতিসাহ যি ইতিসাহৰ প্ৰতিটো পৃষ্ঠাতে অলেখ নায়ক-নায়িকা, খলনায়ক-খলনায়িকা, সন্ধি-অভিসন্ধি, চলনা, প্ৰতাৰণা, যুদ্ধ আৰু সংঘৰ্ষৰে ভৰি আছে।
ইতিসাহৰ যাত্ৰাও এই কাহিনীৰ চৰণ স্পৰ্শ কৰিয়েই আগুৱাই গৈছে।
মহাভাৰতৰ কুৰুষেত্ৰ যুদ্ধক চাৰি যুগৰ সকলোতকৈ ডাঙৰ যুদ্ধ বুলি কোৱা হয়…। যি যুদ্ধ বহু ডাঙৰ ৰথী-মহাৰথীয়ে অংশ লৈছিল। যদিও মহাভাৰতৰ এই যুদ্ধ পৰিয়াল কেন্দ্ৰীক ভাৱে আৰম্ভ হৈছিল, কিন্তু এই যুদ্ধৰ অপেক্ষা বহু বীৰ ৰথী-মহাৰথীয়ে কৰিছিল। বহুতৰে কল্পনা আৰু লক্ষ্য কেৱল হস্তিনাপুৰ ধ্বংস আছিল। সকলো মাত্ৰ অপেক্ষাত আছিল, কেতিয়া এই যুদ্ধখন হব…! সকলোৱে হস্তিনাপুৰৰ ওপৰত প্ৰতিশোধ লবলৈ উত্ৰাৱল হৈ আছিল…। জ্বলি আছিল সকলো প্ৰতিশোধৰ অগ্নীত যুগ-যুগান্তৰ ধৰি…।
আমাৰ কাহিনীৰ নায়কৰ প্ৰতিশোধৰ অগ্নীও ঠিক তেনেকুৱাই…। তেওঁৰ প্ৰতিশোধৰ অগ্নী ইমান তিব্ৰ আছিল যে, তেওঁৰ প্ৰতিশোধৰ বাবে এটা জনম ত্যাগ কৰি আন এটা জনম গ্ৰহণ কৰিছিল।
এই কাহিনী মহাভাৰতৰ ব্যতিক্ৰমী চৰিত্ৰ শিখণ্ডীৰ…। যিয়ে গঙ্গা পুত্ৰ ভিষ্মক মৃত্যু দিয়াবলৈ এটা জনম অগ্নীত ভষ্ম কৰি পুনৰ জন্ম গ্ৰহণ কৰিছিল। আৰু মহাভাৰত যুদ্ধৰ শেষত শান্ত হোৱা শিখণ্ডীৰ প্ৰতিশোধৰ অগ্নী তেতিয়াই আৰম্ভ হৈছিল যেতিয়া হস্তিনাপুৰৰ ৰাজ সিংহাখন চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছাত বিচিত্ৰবীৰ্যক অৰ্পন কৰা হৈছিল আৰু বিচিত্ৰবীৰ্যৰ বাবে ৰাণীৰ সন্ধান কৰি থকা হৈছিল…। আৰু সেই সময়তেই কাশীৰাজৰ তিনিপুত্ৰীও বিবাহৰ উপযুক্ত বয়স হৈ উঠিছিল।
******************************************
অস্বীকাৰনামা (Disclaimer)
এই কাহিনীভাগ সনাতন ধৰ্মৰ মহাকাব্য ‘মহাভাৰত’ৰ আদি পৰ্বৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ আধাৰত ৰচিত। কাহিনীৰ মূল চৰিত্ৰ, স্থান আৰু পৰিৱেশ পৌৰাণিক উৎসৰ পৰা লোৱা হৈছে যদিও, উপন্যাসখনৰ নাটকীয় প্ৰয়োজনীয়তা, আৱেগিক গভীৰতা আৰু পঠনযোগ্যতা বৃদ্ধি কৰিবলৈ ইয়াত সাহিত্যিক কল্পনা তথা সৃষ্টিশীল স্বাধীনতা (Creative Liberty) প্ৰয়োগ কৰা হৈছে।
ইয়াৰ উদ্দেশ্য কোনো ধৰ্মীয় বিশ্বাস, সমাজ বা ঐতিহাসিক চৰিত্ৰক আঘাত কৰা নহয়, বৰঞ্চ মহাকাব্যৰ এক শক্তিশালী চৰিত্ৰৰ মানসিক সংগ্ৰামক সাহিত্যিক ৰূপত দাঙি ধৰাটোহে।
******************************************
অধ্যায়-১
কাশীৰ স্বয়ম্বৰ
সূৰ্য্যৰ সোণালী পোহৰত জিলিকি উঠিল কাশী চহৰখন।
ইয়াৰ উচ্চ মন্দিৰবোৰে চোকা যাঠিৰ দৰে আকাশখন বিন্ধিবলৈ খুজিছে। কাষতে বৈ যোৱা পৱিত্ৰ গংগাৰ বুকুত হাজাৰ হাজাৰ মাটিৰ চাকিৰ শিখাবোৰে যেন এক অপূৰ্ব নৃত্যত মতলীয়া হৈছিল । ৰাজপথত বাজি আছিল সংগীত, চাৰিওফালে ফুলৰ সুবাস, সুগন্ধি আৰু ৰাজকীয় পতাকাৰ মেলা। । কেৱল কাশি চহৰেই নহয়, কাশিৰ চাৰিও সীমা আজি উলহমালহেৰে ভৰি পৰিছে।
কিন্তু কাশীৰ ৰাজপ্ৰসাদৰ ভিতৰত…!
ভাগ্যই তেতিয়া এক ভয়ংকৰ যুদ্ধৰ প্ৰস্তুতি চলাইছিল।
ৰাজকুমাৰী অম্বা আইনাৰ সমুখত নীৰৱে থিয় হৈ আছিল। পৰিচাৰিকাসকলে তাইৰ দীঘল ক’লা চুলিখিনিত খৰিকাজাই ফুল গুজি দিছিল।
কক্ষৰ বাহিৰত তেতিয়া ডম্বৰু আৰু দুন্দুভিৰ শব্দ বাজি উঠিছিল।
স্বয়ম্বৰ আৰম্ভ হৈছিল। সমগ্ৰ আৰ্যাৱৰ্তৰ পৰা নামী-দামী ৰজাসকল আহি উপস্থিত হৈছিল। বীৰ, ৰাজকুমাৰ, সম্ৰাট— ক্ষমতা আৰু বিবাহৰ বাবে ভোকাতুৰ এদল পুৰুষ।
তথাপিও, অম্বাৰ হৃদয় আছিল কেৱল এজন পুৰুষৰ বাবে।
ৰজা শাল্ব।
বছৰচেৰেক পূৰ্বে এক ৰাজকীয় অনুষ্ঠানত যমুনাৰ পাৰত তেওঁলোকৰ প্ৰথম দেখাদেখি হৈছিল। সেই স্মৃতি মনত পৰাত অম্বাৰ ওঠত এটা মৃদু হাঁহি বিৰিঙি উঠিল। আন ৰজাসকলৰ দৰে শাল্বই তাইৰ সৌন্দৰ্যৰ ফালে ভোকাতুৰ পশুৰ দৰে চোৱা নাছিল। তেওঁ অম্বাৰ সৈতে কথা পাতিছিল যেন তেওঁলোক দুয়ো সমকক্ষ। আৰু লাহে লাহে… তেওঁলোকৰ মাজত প্ৰেমৰ জন্ম হৈছিল।
"ৰাজকুমাৰী?" অম্বাই মূৰ ঘুৰাই চালে।
অম্বাৰ ভনীয়েক অম্বিকা অলপ ব্যাকুল হৈ কোঠাত প্ৰৱেশ কৰিলে।
"তুমি হাঁহিছা?" অম্বিকাই সৰুকৈ ক’লে, "তুমি ইতিমধ্যে মন স্থিৰ কৰি পেলাইছা যে কাক বৰণ কৰিবা?"
অম্বাই চকুহাল তললৈ নমাই আনি সৰুকৈ লাজ-লাজ ভাৱেৰেই ক’লে "হয়।"
অম্বিকাই হাঁহিলে, কিন্তু তাইৰ মুখৰ হাঁহিটো ক্ষন্তেকতে মাৰ গ’ল আৰু প্ৰশ্ন কৰিলে "তোমাৰ ধাৰণামতে দেউতাই ইমানবোৰ ৰজাক নিমন্ত্ৰণ কৰি ঠিক কৰিলেনে?"
"তেওঁ কৰিবই লাগিছিল," অম্বাই উত্তৰ দিলে। "কাশী শক্তিশালী, কিন্তু ক্ষমতাই সদায় কুকুৰনেছিয়াক আকৰ্ষণ কৰে।"
দুৱাৰমুখৰ পৰা খিলখিলনি হাঁহিৰ শব্দ ভাঁহি আহিল।
তেওঁলোকৰ আটাইতকৈ সৰু ভনীয়েক অম্বালিকাই গধুৰ গহনা পিন্ধি কোঠাটোলৈ সোমাই আহিল। যিবোৰ পিন্ধি তাই স্পষ্টকৈয়ে অশান্তি পাইছিল।
"মই এইবোৰ পিন্ধি উশাহ লব পৰা নাই।" তাই ওজৰ আপত্তি কৰিলে।
তাইৰ কথাত অম্বা আৰু অম্বিকাই জোৰেৰে হাঁহিলে।হাঁহিৰ শব্দটোৱে বতাহত থকা গধুৰ পৰিৱেশটো ক্ষন্তেকৰ বাবে পাতল কৰি পেলালে। কিন্তু কেৱল ক্ষন্তেকৰ বাবেহে। কাৰণ তাই মনৰ ভিতৰতে কিবা এটা অমংগলৰ আভাষ পাইছিল। যেন ধুমুহাৰ আগত অহা বতাহজাকহে এতিয়া বলি আছে। চিন্তাৰ মাজতে এগৰাকী পৰিচাৰিকাই সোমাই আহি মূৰ দোঁৱাই ক’লে "ৰাজকুমাৰীসকল, মহাৰাজে আপোনালোকক আহ্বান কৰিছে।"
সময় সমাগত।
কাশীৰ তিনিগৰাকী কন্যাকে ৰাসপ্ৰসাদৰ দীঘল কৰিজৰটোৰে উলহমালহেৰে আগুৱাই অনা হ’ল। তেওঁলোকৰ সন্মানত প্ৰহৰীসকলে মাৰ্বলৰ মজিয়াত যাঠীৰে আঘাত কৰি শব্দ কৰিলে। যিমানেই তেওঁলোকে মূল প্ৰেক্ষাগৃহৰ ফালে আগবাঢ়িছিল, সিমানেই কোলাহল বাঢ়ি গৈছিল। হাজাৰ হাজাৰ মানুহ একত্ৰিত হৈছিল। অভিজাত শ্ৰেণী, পুৰোহিত, যোদ্ধা, আৰু সাধাৰণ প্ৰজা। প্ৰতিটো চকুৱে কাশীৰ কন্যা ত্ৰয়লৈ অপেক্ষা কৰিছিল। বিশাল প্ৰৱেশদ্বাৰখন খোল খাই গ’ল। আৰু মুহূৰ্ততে গোটেই সভাখন নিস্তব্ধ হৈ পৰিল। ফুলৰ পাপৰিৰ বৰষুণৰ মাজত তিনিওগৰাকী ৰাজকুমাৰীয়ে স্বয়ম্বৰ সভাত প্ৰৱেশ কৰিলে।
অম্বাৰ চকুহালে ব্যাকুল হৈ কাৰোবাক বিচাৰিলে। তাই দেখা পালে।
ৰজা শাল্ব।
ওখ, গৌৰৱী। নীলা তীখাৰ বৰ্ম পৰিহিত। আৰু তেওঁৰ চকু কেৱল অম্বাৰ ওপৰতে আছিল। এটা ক্ষণৰবাবে যেন গোটেই পৃথিৱীখন নোহোৱা হৈ গ’ল। কোনো ৰজা নাই, কোনো ৰাজনীতি নাই, কোনো ৰাজ্য নাই। কেৱল তেওঁ। শাল্বই অম্বাৰ ফালে চাই মূৰটো অলপ দোঁৱালে। এক নীৰৱ প্ৰতিশ্ৰুতি। আজি তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰ্ণ হ’ব...।
ৰাজপুৰোহিতে পৱিত্ৰ মন্ত্ৰ উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিলে। ৰজাবোৰ শাৰী পাতি বহি আছিল, যেন চিকাৰৰ বাবে খাপ পি থকা হিংস্ৰ জন্তুহে। কোনোবাই আত্মবিশ্বাসেৰে হাঁহিছিল, কোনোবাই লোভাতুৰ দৃষ্টিৰে চাইছিল, কোনোবাই আকৌ ইজনে সিজনৰ কাণত ফুচফুচাইছিল। তাৰ পিছত হঠাৎ—
গোটেই ৰাজপ্ৰসাদটো কঁপি উঠিল। প্ৰেক্ষাগৃহৰ বিশাল দুৱাৰখন এক বজ্ৰপাতৰ দৰে শব্দ কৰি খোল খাই গ’ল। মূহূৰ্ততে সকলো নিস্তব্ধ হৈ পৰিল। পৰিৱেশটো সলনি হ’বলৈ যেন চকুৰ এটা পলকেই যথেষ্ট আছিল। সংগীত বন্ধ হৈ পৰিল, পুৰুহিতৰ মুখৰ মন্ত্ৰ যেন মুখৰ পৰাই কাঢ়ি লৈ গ’ল...। আনকি দেৱালৰ জোৰবোৰো (মশাল) যেন ঠাইতে গোট মাৰিলে। দেৱতাৰ ধুমুহাৰ দৰে এখন অকলশৰীয়া ৰথ সভাগৃহত প্ৰৱেশ কৰিলে। বগা ঘোঁৰা, ৰূপালী বৰ্ম, আৰু ৰথৰ পতাকাত হস্তিনাপুৰৰ ৰাজকীয় প্ৰতীক। আৰু সেই ৰথৰ ওপৰত থিয় হৈ আছিল..., গঙ্গা পুত্ৰ ভীষ্ম। আৰ্যাৱৰ্তৰ অপৰাজেয় যোদ্ধা। যিজন পুৰুষক ৰজাসকলে মৃত্যুতকৈও বেছি ভয় কৰিছিল। ভিষ্মক দেখা লগে লগেই গোটেই সভাগৃহত হাহাকাৰ লাগিল।
"ভীষ্ম?"
"তেওঁ কিয় ইয়াত?"
"তেওঁচোন আজীৱন ব্ৰহ্মচৰ্যৰ ব্ৰত লৈছিল!"
"হস্তিনাপুৰে কাশীক অপমান কৰিবলৈ আহিছে নেকি?"
ভীষ্মই কাৰো কথালৈ কাণ নিদিলে। তেওঁৰ মুখখন শিলৰ দৰে চেঁচা হৈ আছিল। তেওঁৰ চকুহাল তিনিগৰাকী ৰাজকুমাৰীৰ ওপৰত পৰিল। তাৰ পিছত তেওঁৰ গভীৰ, গহীন কণ্ঠস্বৰে গোটেই সভাগৃহ কঁপাই তুলিলে- ‘মই, হস্তিনাপুৰৰ দেৱব্ৰত ভীষ্মই, কাশীৰ কন্যা ধেনু ল’বলৈ আহিছোঁ।’
গোটেই ৰাজসভাত চাঞ্চল্যৰ সৃষ্টি হ’ল। কাশীৰ ৰজাই খঙত সিংহাসনৰ পৰা জাপ মাৰি উঠি চিঞৰি ক’লে- "এয়া স্বয়ম্বৰ, কোনো যুদ্ধক্ষেত্ৰ নহয়!"
ভীষ্মৰ মুখৰ ভাব সলনি নহ’ল। আৰু পুনৰ ক’লে- "মোৰ সৰু ভাতৃ বিচিত্ৰবীৰ্যক হস্তিনাপুৰৰ সিংহাসনৰ বাবে ৰাণীৰ প্ৰয়োজন।"
অম্বাৰ বুকুৰ ধপধপনি বাঢ়ি গ’ল।
‘নহয়...নহয়...এয়া হ’ব নোৱাৰে। এয়া হ’বলগীয়া নাছিল।’
তাই ব্যাকুল হৈ শাল্বৰ ফালে চালে। শাল্বৰ হাত ইতিমধ্যে তেওঁৰ তৰোৱালৰ নালত আছিল।
‘ভাল হৈছে। যুদ্ধ কৰক।’ তাই মনে মনে প্ৰাৰ্থনা কৰিলে। ‘অনুগ্ৰহ কৰি যুদ্ধ কৰক।’
কিন্তু কোনোবাই কিবা কৰাৰ আগতেই ভীষ্মই ধনুখন দাঙি ধৰি ঘোষণা কৰিলে- "মই এই ৰাজকুমাৰীসকলক মোৰ লগত লৈ যাম আৰু ইয়াৰ মাজত যদি কাৰোবাৰ সাহস আছে, তেন্তে মোক বাধা দি দেখুৱাওক।"
নীৰৱতা। এক ভয়ংকৰ নীৰৱতা। কাৰণ তাত উপস্থিত থকা প্ৰতিজন ৰজাই সত্যটো জানিছিল— ভীষ্মক পৰাস্ত কৰিব পৰা কোনো নাছিল। তথাপিও... শাল্ব থিয় হ’ল।
"মই বাধা দিম।"
গোটেই সভাগৃহ থমকি ৰ’ল। অম্বাৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল। শাল্বই হাতত তৰোৱাল লৈ লাহে লাহে আগবাঢ়ি আহিল।
"আপুনি ভীষ্ম হ’ব পাৰে, কিন্তু অম্বাক আপুনি এনেকৈ ইয়াৰ পৰা লৈ যাব নোৱাৰে...।’
প্ৰথমবাৰৰ বাবে ভীষ্মই পোনপটীয়াকৈ তেওঁৰ ফালে চালে।
"শাল্ব।"
ভীষ্মৰ চকুহাল অলপ সৰু হৈ পৰিল।
মুহূৰ্তৰ বাবে এনে লাগিল যেন বতাহজাকতে জুই লাগি উঠিব।
আৰু তাৰ পিছত— ভীষ্মই আক্ৰমণ কৰিলে। বিজুলীৰ দৰে। মৃত্যুৰ দৰে।
যোদ্ধাসকলে অস্ত্ৰ উলিয়াই ইজনে সিজনৰ ওপৰত আক্ৰমণ কৰা লগে-লগেই সভাগৃহত চিঞৰ-বাখৰৰ সৃষ্টি হ’ল। স্বয়ম্বৰ সভা, এখন যুদ্ধক্ষেত্ৰলৈ পৰিণত হ’ল। অম্বাই আতংকিত হৈ চালে যেতিয়া শাল্বই ভীষ্মৰ ফালে চোচা ল’লে। তীখাৰ লগত তীখাৰ সংঘৰ্ষ হ’ল। জুইৰ ফিৰিঙতি উৰিল। যুদ্ধৰ শব্দই সকলো গ্ৰাস কৰি পেলালে। কিন্তু ভীষ্ম আছিল অপ্ৰতিৰোধ্য। শাল্বৰ প্ৰতিটো আক্ৰমণ তেওঁ উলাই কৰিলে। ভীষ্মৰ ওচৰলৈ অহা প্ৰতিজন যোদ্ধাই ধৰাশায়ী হ’ল। শক্তিশালী ৰাজ্য শাসন কৰা ৰজাসকল তেওঁৰ সন্মুখত ভয়াতুৰ শিশুৰ দৰে হৈ পৰিল। আৰু তাৰ পিছত— ভীষ্মই ধনুৰ পিছফালৰ গধুৰ অংশটোৰে শাল্বৰ বুকুত প্ৰহাৰ কৰিলে। শাল্ব মাটিত আছাৰ খাই পৰিল। তেওঁৰ ওঁঠৰ পৰা তেজ নিগৰি আহিল।
"শাল্ব!" অম্বাই চিঞৰি উঠিল।
কিন্তু তাই তেওঁৰ ফালে দৌৰি যোৱাৰ আগতেই ভীষ্মই তিনিগৰাকী ৰাজকুমাৰীক টানি আনি নিজৰ ৰথত তুলিলে। ঘোঁৰাবোৰে হ্ৰেষাৰৱ কৰি আগবাঢ়ি গ’ল। ধূলিৰ ধূম্ৰজাল আৰু চিঞৰ-বাখৰৰ মাজত স্বয়ম্বৰৰ থলীখন পিছপৰি ৰ’ল। অম্বাই তীব্ৰ ছটফটনি কৰিলে। ভীষ্ম নীৰৱ। অম্বিকা আৰু অম্বালিকাই ভয়ত কান্দি উঠিল।
কিন্তু অম্বা...!
অম্বা প্ৰতিশোধৰ জুইত দহিছিল। তাই শেষবাৰৰ বাবে পিছলৈ ঘূৰি চালে। বহু পিছত— তাই দেখিলে শাল্ব মাটিৰ পৰা লাহে লাহে উঠিছে। ৰক্তাক্ত, ভগ্ন, আৰু অসহায়ভাৱে তাইক কাঢ়ি লৈ যোৱা দৃশ্যটো চাই ৰৈছে।
আগলৈ...